নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত আজি প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁই উপস্থিত হৈ বিজেপি নেতা–কর্মীসকলৰ লগত মত বিনিময় কৰে৷ আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ নির্বাচনী ইস্তাহাৰ প্রস্তুত কৰাৰ বাবে চামগুৰিৰ গডকাপ্ঢানী বিভাগৰ পৰিদর্শন ভৱনত আজি অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত প্রাক্তন কেন্দ্রীয় ৰে’ল ৰাজ্যিক মন্ত্রী তথা চামগুৰি সমষ্টিৰ তত্ত্বাৱধায়ক ৰাজেন গোহাই আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্রাণজিৎ বৰা উপস্থিত থাকে৷ তেওঁলোকে চামগুৰি সমষ্টিৰ বিভিন্ন সমস্যাৰ সন্দর্ভত বিজেপি নেতা–কর্মীসকলৰ লগতে চামগুৰিৰ একাংশ অনুষ্ঠানৰ বিষয়ববীয়া সমাজকর্মী আৰু একাংশ প্রাক্তন শিক্ষকসকলৰ লগত মত বিনিময় কৰে৷ উক্ত ইস্তাহাৰ প্রস্তুত কৰা মত বিনিময় অনুষ্ঠানটোত চামগুৰি জিলা পৰিষদৰ সদস্যা ৰীতা কাকতি, লাওখোৱা মণ্ডল বিজেপিৰ সভাপতি সুৱত্ত সিংহাকে ধৰি বহুকেইজন বিজেপি নেতা উপস্থিত থাকে৷ আনহাতে মত বিনিময় অনুষ্ঠানটোত উপস্থিত হোৱা প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা চামগুৰি সমষ্টিৰ তত্ত্বাৱধায়ক ৰাজেন গোহঁাইক সভাৰ থলীৰ বাহিৰত চামগুৰিৰ একাংশ বিজেপি কর্মীয়ে আগন্তুক বিধানসভা নির্বাচনত চামগুৰিৰ বাসিন্দাৰ আৰু যোগ্য প্রার্থীক দলৰ টিকট প্রদান কৰিবলৈ দাবী জনোৱা পৰিলক্ষিত হয়৷ ইফালে প্রাক্তন মন্ত্রী ৰাজেন গোহায়ে আগন্তুক বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টিৰ পৰা বিজেপিৰ প্রার্থিত্বপ্রত্যাশী বুলি সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰে৷ অৱশ্যে দলে বিচাৰিলে তেওঁ যিকোনো সমষ্টিৰ পৰাই প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি প্রকাশ কৰে৷ শেহতীয়াকৈ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ আনুষ্ঠানিক ঘোষণাই বহু পৰিমাণে বিজেপিক লাভান্বিত কৰিব বুলি দাবী কৰে প্রাক্তন সাংসদ তথা মন্ত্রী ৰাজেন গোহঁায়ে