নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে এআইইউডিএফশূন্যৰ দিশে ধুবুৰী!

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ সাম্প্রতিক লোকসভা নিৰ্বাচনৰ শোচনীয় নিৰ্বাচনী ফলাফল তথা দলটোৰ ছুপ্ৰিমো বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পিছত এআইইউডিএফৰ কেইবাগৰাকী বিধায়কে ভিতৰি ভিতৰি দল সলনি কৰিবলৈ প্ৰস্তুতি চলাই থকা বুলি চৰ্চিত হৈছে ধুবুৰীত। অৱশ্যে এই মুহূৰ্তত নহ’লেও, ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আগে আগে দলটোৰ কেইবাগৰাকী বিধায়কে কংগ্ৰেছ অথবা অসম গণ পৰিষদ (অগপ)লৈ যোৱাটো খাটাং বুলিয়েই মত স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকৰ। উল্লেখ্য যে ইতিমধ্যে মানকাচৰৰ বিধায়ক তথা এআইইউডিএফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) তথা মুখ্য মুখপাত্ৰৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকা আমিনুল ইছলামে দলৰ পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দলীয় বিষয়ববীয়াৰ পদৰ পৰা পদত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰা দেখা গৈছে। উল্লেখনীয় এয়াও যে, নামনি অসমৰ দক্ষিণ শালমাৰা মানকাচৰ আৰু ধুবুৰী জিলাৰ মানকাচৰ, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম – এই ৫টাকৈ বিধানসভা সমষ্টিত এআইইউডিএফৰ বিধায়ক আছে। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিলাসীপাৰা পশ্চিম সমষ্টিটোৰ বিলুপ্তি ঘটাৰ সমান্তৰালকৈ অইন কেইটা সমষ্টিৰো ভৌগলিক সীমা কিছু সলনি হৈছে। কিন্তু, সমষ্টি নিৰ্ধাৰণৰ পিছত থকা বৰ্তমানৰ মানকাচৰ, ধুবুৰী, গৌৰীপুৰ আৰু বিলাসীপাৰা- এই ৪টা বিধানসভা সমষ্টিতেই এআইইউডিএফ ছুপ্ৰিমো তথা ধুবুৰী লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ফলাফল অত্যন্ত শোচনীয়। মানকাচৰ, ধুবুৰী আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত আজমলে ক্ৰমে ৩৮৪৪৬, ৩৫৭৯০ আৰু ১৩২৬০টা ভোট পাই তৃতীয় স্থানত থমকি ৰ’বলগীয়া হৈছে। এই সমষ্টি তিনিটাত কংগ্ৰেছৰ ৰকিবুল হুছেইনে ১৬৩৭৯২, ১২৫০৮৪ আৰু ৭৮৩৭১টা ভোট পাই প্ৰথম স্থানত আছে। আনহাতে, গৌৰীপুৰ বিধানসভা সমষ্টিত বদৰুদ্দিন আজমলে ৩৯৪৫১টা ভোট পাই দ্বিতীয় স্থান পোৱাৰ বিপৰীতে ৰকিবুল হুছেইনে পাইছে ১৯১৬৮৯টা ভোট। বিধানসভা ভিত্তিক পোৱা ভোটৰ এই সংখ্যাই এআইইউডিএফৰ দূৰ্গ দক্ষিণ শালমাৰা মানকাচৰ আৰু ধুবুৰী জিলাত দলটোৰ ভেঁটি উচন হোৱাৰ উপক্ৰম ঘটা বুলি স্পষ্ট কৰি দিছে। ফলত স্বাভাবিক ভাবেই সম্প্ৰতি এআইইউডিএফৰ দখলত থকা জিলা দুখনৰ সেই বিধানসভা সমষ্টিৰ বিধায়কৰ কেই গৰাকীৰ ৰাজনৈতিক ভৱিষ্যতক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। অৱশ্যে ধুবুৰী জিলাৰ অতি কমেও ২গৰাকী বিধায়কে আগলৈ গৈ দল সলনি কৰাটো প্ৰায় নিশ্চিত বুলি চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। ইতিমধ্যে দলটোৰ এগৰাকী বিধায়ক কংগ্ৰেছ লৈ গমন কৰিব বুলি স্থানীয় ৰাজনৈতিক শিবিৰ একাংশত জল্পনা-কল্পনা আৰম্ভ হৈছে যদিও নাম প্ৰকাশত অনিচ্ছুক অগপৰ এগৰাকী স্থানীয় নেতাই এআইইউডিএফ দলৰ সেইগৰাকী বিধায়কে তেওঁলোকৰ সৈতেও যোগাযোগ কৰা বুলি দাবী কৰিছে। ঠিক অনুৰূপে, এআইইউডিএফৰ ধুবুৰী জিলাৰ অইন এগৰাকী বিধায়কো কংগ্ৰেছ আৰু অগপ – উভয় দলৰ সৈতে যোগাযোগ কৰা বুলিও বুবু-বাবা চলিছে। অৱশ্যে প্ৰকৃত সত্য কি সেয়া সময়তে স্পষ্ট হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like