নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ হ’ব ২০২১ত

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ অসম জাতীয় পৰিষদে নলবাৰী জিলাৰ ভিন্ন প্রান্তত সাংগঠনিক ভেটি সুদৃঢ় কৰাত উঠিপৰি লাগিছে৷ আজি জিলাখনৰ বৰক্ষেত্রী সমষ্টিৰ লাউতোলাত অজাপই এখন কর্মী সভা অনুষ্ঠিত কৰে৷ বৰক্ষেত্রী সমষ্টিৰ অন্তর্গত লাউতোলাবাসীৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ আব্দুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক অমল ডেকাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে এই চৰকাৰে অসমীয়া মানুহৰ মাজত সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাই দিছে৷ হিন্দু–মুছলমানৰ নামত ৰাজনীতি কৰি শংকৰ–আজানৰ সপোনৰ অসমখনক থান–বান কৰি দিব বিচাৰিছে৷ এই চৰকাৰক ২০২১ চনৰ নির্বাচনত অসমৰ পৰা বিদায় দি অসমত এখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিব লাগিব৷

২০২১ চনটো হ’ব অসম আৰু অসমীয়াৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ৷ এই যুঁজত নিশ্চিতভাৱে সাম্প্রদায়িক শক্তি পৰাজিত হ’ব৷ সভাতবৰক্ষেত্রীৰ প্রাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই ভাষণ দি কয় যে এইখন চৰকাৰ নিবনুৱাবিৰোধী চৰকাৰ৷ এই চৰকাৰে কেৱল মাত্র আঁচনিৰ ধন লুণ্ঠন কৰাতে সিদ্ধহস্ত৷ সভাত অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ মুখ্য আহ্বায়ক ভূপেন তালুকদাৰ, বৰক্ষেত্রী সমষ্টিৰ মুখ্য আহ্বায়ক চন্দন কলিতাই নিজৰ নিজৰ বক্তব্যত বর্তমানৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনক সমালোচনাৰে থকা–সৰকা কৰে৷ আজিৰ সভাখনত মাহিৰুদ্দিন আহমেদ, জেহেৰুল আলী, মকচেদ আলী, ৰুফুল হক, চাহাবুদ্দিন আহমেদ, চামচুল হক আৰু নুৰ হুছেইন কাকতিৰ নেতৃত্বত কংগ্রেছ, অগপ আৰু বিজেপিৰ পৰা আহি শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে৷

উক্ত সভাত দলটোৰ নলবাৰী জিলা প্রচাৰ কোষৰ মুখ্য সমন্বয়ক হিতেশ মজুমদাৰ, সমষ্টিটোৰ আহ্বায়ক হাদিচুজ জামান, দীপক বর্মন, মইনুল হক, বীৰেন কলিতাসহ জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক হিমাংকু বর্মন উপস্থিত থাকে৷

You might also like