নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত জিলাপৰিষদৰ সদস্য সহ কেবা শতাধিক কংগ্ৰেছ আৰু এআই ইউ ডিএফ কৰ্মী অগপত যোগদান

  • কচুুুৱাত অগপ দলৰ সাংগঠনিক সভাত কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত 

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  আজি দিনৰ প্ৰায় বাৰ বজাত কচুৱাত  অসম গণ পৰিষদ দলৰ এক সাংগঠনিক সভাত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশব মহন্ত অংশ গ্ৰহণ কৰে ৷ এসময়ৰ অগপ দলৰ  দুৰ্গস্বৰূপ বিৰাশী নং ৰহা সমষ্টি বিগত বাইশ বছৰ ধৰি দলীয় সাংগঠনিক ভেটি খহি পৰাত সমষ্টিখনত অগপ দলৰ বেলি সম্পূৰ্ণৰূপে ডুব গৈছিল ৷ সেয়ে দলৰ কেন্দ্ৰীয় কমিটনৰ উপ সভাপতি বিষ্ণু দাসৰ নেতৃত্বত পূনৰ ঠন ধৰি উঠাত আজি কচুৱা উচ্চতৰ মাধ্যমিক খেল পথাৰত “ৰহা সমষ্টি বিধান পৰিষদ”ৰ উদ্যোগত অনুষ্ঠিত দলৰ সাংগঠনিক সভাত দলীয় নেতা-কৰ্মীক সম্বোধি মন্ত্ৰী দ্বয়ে ভাষণ প্ৰদান কৰে ৷

ভাষণত আজিৰ দিনটো এক ঐতিহাসিক দিন বুলি আখ্যা দি  স্বাস্থ্যমন্ত্ৰী কেশব মহন্ততই কয় যে, অসম গণ পৰিষদ দল পূৰণি দল, অসম গণ পৰিষদ দলৰ চৰকাৰত ধৰ্মীয় সংখালঘু সম্প্ৰদায়ৰ কেবাগৰাকী মন্ত্ৰী আছিল ৷সময়ৰ সোঁতৰ লগত পৰিবৰ্তন হৈ এআই ইউডিএফ আৰু কংগ্ৰেছত থাকি ধৰ্মীয় সংখ্যালঘু মানুহ প্ৰতাৰনাৰ বলি হৈ আহিছে ৷অগপ চৰকাৰৰ আমোলত ধৰ্মীয় সংখালঘু মানুহৰ কোনো হাৰাশাস্তি হোৱা নাছিল বুলি দোহাৰে মন্ত্ৰী গৰাকীয়ে ৷  ৰহা সমষ্টিত যোৱা বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী বিষ্ণু দাস কমসংখ্যক ভোটত পৰাজিত হৈছিল  একমাত্ৰ এআইইউডিএফ আৰু কংগ্ৰেছে যৌথ বাবে প্ৰাৰ্থিত্ব দিয়াত ৷ এতিয়া ৰাইজে দেখিছে অসমত কংগ্ৰেছৰ অৱস্থা কি হৈছে৷ সেয়ে ৰহা সমষ্টিত পূনৰ অগপৰ ভেটি শক্তিশালী হৈ উঠিছে, ধৰ্মীয় সংখ্যালঘু ৰাইজ দলে বলে অগপত যোগদান কৰিছে কাৰন অসম গণ পৰিষদ দলৰ নীতি আদৰ্শ ভাল পাইছে ৷ নিজৰ ভুলটো ধৰিব পাৰিছে ৷ 

প্ৰায় তিনি সহাস্ৰাধিক নেতা,কৰ্মী তথা সমৰ্থক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে  অগপ দলৰ ৰহা সমষ্টি কমিটিৰ সভাপতি প্ৰফুল্ল নাথে ৷ আজিৰ সভাত নগাওঁ জিলা পৰিষদৰ অন্তৰ্গত 2নং কচুৱা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য ছাইফুল ইছলামে কচুৱা, চানখোলা, গেৰজাইপাম, বকুলুগুৰী, লংজাপ, জুৰিৰপাৰ, মাধৱপাৰা, শিঙিমাৰী  গাঁওপঞ্চায়তৰ পাচঁ শতাধিক কংগ্ৰেছ নেতা,কৰ্মীক লৈ আনুষ্ঠানিকবাবে অসম গণ পৰিষদ  দলত যোগদান কৰে ৷

You might also like