আজিৰে পৰা শিৱসাগৰত অজাপৰ ৰাজনৈতিক অভিৱর্তন
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ঐতিহাসিক শিৱসাগৰৰ ৰাজনৈতিক অভিৱর্তনখনৰ পৰাই অসম জাতীয় পৰিষদৰ এক নতুন ৰাজনৈতিক যাত্রা আৰম্ভ হ’ব৷ সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই অভিৱর্তনতেই নতুন ৰাজনৈতিক দলটোত যোগদান কৰিব৷ নিশ্চিতভাৱে লুৰিণজ্যোতিৰ হাততেই থাকিব অসম জাতীয় পৰিষদৰ গুৰু দায়িত্ব৷ শিৱসাগৰ ব’র্ডিং খেলপথাৰত যুদ্ধকালীন তৎপৰতাৰে লক্ষাধিশ সমর্থকক আদৰিবলৈ ব্যাপক প্রস্তুতি চলাই থকাৰ মাজতে প্রস্তুতিৰ বুজ ল’বলৈ শিৱসাগৰত উপস্থিত হোৱা দলটোৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাই ইতিমধ্যে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত এনেদৰে বহুকেইটা গুৰুত্বপূর্ণ মন্তব্য কৰে৷ ডল্লেখ্য যে কাইলৈ, অর্থাৎ অহা ১৬ আৰু ১৭ ডিচেম্বৰত শিৱসাগৰ ব’র্ডিং খেলপথাৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হ’ব৷ শিৱসাগৰতে আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৱে পূর্ণাংগ ৰূপত আত্মপ্রকাশ কৰিব৷
লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি ঘোষণা কৰাৰ কথা সাংবাদিকসকলে অৱগত কৰাত জগদীশ ভূঞাই কয়– যদি লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰে, তেন্তে দলটোৰ বাবে ইয়াতকৈ ডাঙৰ আনন্দদায়ক কথা আৰু একো নাথাকিব৷ যিহেতু অসম জাতীয় পৰিষদৰ দিশ নির্ণায়কসকলে অসমৰ জাতীয় জীৱনৰ সংকট আৰু দুর্যোগপূর্ণ সময়ত জাতীয় পৰিষদক সন্মুখৰ পৰা লুৰিণজ্যোতি গগৈক নেতৃত্ব দিবলৈ মুকলি আহ্বান জনায় আহিছে৷ অধিৱেশনলৈ অসমৰ প্রতিখন জিলাৰ পৰা পাঁচজনকৈ মূল প্রতিনিধি আৰু পাঁচজনকৈ দর্শক প্রতিনিধি আহিব৷ মহিলা পৰিষদ, যুৱ পৰিষদ, চাহ পৰিষদৰ পৰা আৰম্ভ কৰি পাঁচটা ভাতৃ–ভগ্ণী সংগঠনৰ দহজনকৈ প্রতিনিধি আহিব৷ প্রতিগৰাকী দলীয় কম্য়ে এই অভিৱর্তনত যোগদান কৰিব৷ লক্ষাধিশ লোকৰ সমাগম ঘটিব৷ জগদীশ ভূঞাই ১৬ আৰু ১৭ ডিচেম্বৰত অসমৰ সকলো লোককে অসম জাতীয় পৰিষদৰ জন্মলগ্ণৰ সাক্ষী হোৱাৰ বাবে ব’র্ডিং খেলপথাৰত ডপস্থিত হোৱাৰ বাবে মুকলি আহ্বান জনায়৷ অভিৱর্তন অনুষ্ঠিত হ’বলগীয়া স্থানৰ সমীপতে সদস্য ভর্তিৰ কাম–কাজো অব্যাহত ৰখা হৈছে৷
লক্ষ্যণীয়ভাৱে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা একুৰিৰো অধিক দিব্যাংগ (মূকবধিৰ) যুৱকে ব’র্ডিং খেলপথাৰত ডপস্থিত হৈ আদৰণি সমিতিৰ বিষয়ববীয়াসকলক স্বতস্ফুতভাৱে স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ বাবে ইচ্ছা প্রকাশৰ কথা ব্যক্ত কৰে৷ তেওঁলোকে দুয়োটা দিনাই সেৱা আগবঢ়াব৷ পিয়লি ফুকন ষ্টেডিয়ামত ভোজনথলীৰ নির্মাণকার্য ইতিপূর্বে সম্পন্ন হৈছে৷ তদুপৰি ব’র্ডিং খেলপথাৰতো মুকলি সভাৰ বাবে বৃহৎ মণ্ডপ নির্মাণৰ কাম সম্পূর্ণ হৈছে৷ চহৰৰ শিৱ দ’লৰ সন্মুখৰ মূল চাৰিআলিটোত এই অভিৱর্তনৰ প্রতিনিধিসকলক আদৰাৰ বাবে বৃহৎ তোৰণ নির্মাণৰ কাম নিশাই সম্পন্ন কৰা হয়৷ সমগ্র শিৱসাগৰ চহৰত এতিয়া আলিয়ে–গলিয়ে ডৰিছে অসম জাতীয় পৰিষদৰ সূৰুযৰ চিহ্ণ সম্বলিত নীলা পতাকা৷ শিৱসাগৰ জিলাৰ প্রতিখন গাঁও, চুবুৰিতে দেখা গৈছে সেই একেই পৰিৱেশ৷ চৌদিশে বাজি ডঠিছে ‘অ’ মোৰ আপোনাৰ দেশ’ শীর্ষক জাতীয় সংগীতৰ ধ্বনী৷