মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ এদিনৰ দৰমহা
নিয়মীয়া বাৰ্তা, ২৫মে’: ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দৰে এইবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থা। গাওঁ পঞ্চায়ত সচিব সন্থাই উক্ত মহামাৰী ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰলৈ সহায়ৰ হাত আগবঢ়ায় ‘মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি’লৈ আগবঢ়ালে এদিনৰ দৰমহা।
জানিব পৰামতে ৰাজ্যৰ প্ৰায় পোন্ধৰশ গাঁও পঞ্চায়ত সচিবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ চলিত মে’ মাহৰ এদিনৰ দৰমহা কোষাগাৰৰ জৰিয়তে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম সচিব সন্থাৰ সভাপতি ইমতিয়াজুল ইচলাম আৰু সাধাৰণ সম্পাদক দীপক হাজৰিকাই।
সন্থাৰ হৈ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰোহিনী তামূলীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, চৰকাৰৰ প্ৰতিটো বিপদৰ সময়ত গাঁও পঞ্চায়ত সচিব সন্থাই সহায়ৰ বাবে সাজু আছে আৰু ভৱিষ্যতেও থাকিব। যিহেতু চৰকাৰ আমাৰ অভিভাৱক, গতিকে চৰকাৰৰ প্ৰতিটো কামত আমি সদায় আগবাঢ়ি যাম।।তদুপৰি ক’ভিড মহামাৰী প্ৰতিৰোধৰ বাবে চৰকাৰে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰটো গাঁও পঞ্চায়ত সচিব সন্থাই বিনাদ্বিধাই আগবাঢ়িব বুলি মন্তব্য কৰে।