নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীলৈ খাদ্য যোগানত গাফিলতিৰ অভিযোগ, মাননিৰ বাবে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ২৭ মার্চত অনুষ্ঠিত হ’ব লগা প্রথম পর্যায়ৰ নিৰ্বাচনৰ ভােটগ্রহণৰ বাবে নিয়োগ কৰা নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰীৰসকলে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে জোনাইত ৷ উল্লেখ্য যে ১১৪ নং জোনাই বিধানসভা সমষ্টিত প্রিজাইডিং,পোলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষী বাহিনীৰ বাবে খাদ্য যোগানত মহকুমা প্ৰশাসনে নিয়োজিত কৰা ঠিকাদাৰসকলে সময়ত পৰ্যাপ্ত খাদ্য যোগান ধৰিব নোৱাৰৰ অভিযোগ উত্থাপিত হৈছে ৷

হাতত ভাতৰ প্লেট লৈ এঘন্টা পৰ্যন্ত ৰৈ থকিবলগীয়া অৱস্থা হৈছে বিষয়া-কৰ্মচাৰীসকলৰ৷ জানিব পৰা মতে, জোনাই সমষ্টিৰ বিভিন্ন নিৰ্বাচনী স্থানলৈ যাব লগা বিষয়া-কৰ্মচাৰীসকলে প্ৰায় এক-দুই ঘন্টা ধৰি এমুঠি খাদ্যৰ বাবে ৰখি থকাৰ পিছতো খাদ্য যোগান ধৰাত মহকুমা প্ৰশাসনে নিয়োজিত কৰা ঠিকাদাৰসকল বিফল হোৱাৰ অভিযোগ উঠিছে।

বিষয়া-কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰা মতে খাদ্যৰ লগতে পানী এগিলাচৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে ৷ এনে পৰিস্থিতিত বহু নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে ভাত নোখোৱাকৈয়ে ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে৷

ইফালে ভোট কেন্দ্ৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ১১৪নং জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত নিয়োজিত হোৱাৰ সময়ত উচিত মাননি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

You might also like