চিৰাঙৰ অনন্ত ৰায়ৰ ঘৰৰ আলহী হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ কাইলৈ চিৰাঙলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱৰ অনন্ত ৰায় নামৰ ব্যক্তিজনৰ বাসগৃহত আহি আলহীৰ ৰূপত উপস্থিত হ’ব গৃহমন্ত্ৰী শ্বাহ।
গ্ৰেটাৰ কোচবিহাৰ এছোচিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায়। আগন্তুক পশ্চিমবংগ আৰু অসম বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অনন্ত ৰায়ৰ ঘৰলৈ আলহী ৰূপে আহিব বুলি ৰাজনৈতিকভাৱে সচেতন ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে।
পশ্চিমবংগৰ ৭খন জিলাত প্ৰায় ১৮.৫ লাখ ভোটাৰ আৰু অসমৰো যথেষ্টসংখ্যক ভোটাৰ ৰাইজৰ মাজত বিশেষ প্ৰভাৱ থকা গ্ৰেটাৰ কোচবিহাৰ এছোচিয়েছন নামৰ সংগঠনটোৰ মুৰব্বীগৰাকীয়ে যাতে পশ্চিম বংগত অনুষ্ঠিতব্য নিৰ্বাচনত বিজেপি দলক সহায় কৰে সেই উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী অনন্ত ৰায়ৰ বাসগৃহলৈ আলহী ৰূপে আহিব বুলি জানিব পৰা গৈছে।
অনন্ত ৰায় কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন প্ৰভাৱশালী ধৰ্মগুৰু হোৱাৰ লগতে কোচ বিহাৰ তথা পশ্চিমবংগৰ সাত জিলাত ৰাজনৈতিক প্ৰভাৱ থকা এজন অন্যতম ব্যক্তি হিচাপে পৰিচিত। ১১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা, স্বাস্থ্য, বিত্ত আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰায়ৰ ঘৰলৈ আহিব বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অনন্ত ৰায়ে নিজ গৃহত কোচ ৰাজবংশীৰ পৰম্পৰাগত আহাৰেৰে আপ্যায়ন কৰিব বুলি সংবাদ মাধ্যমক ৰায়ে জানিবলৈ দিয়ে। চিৰাং জিলা প্ৰশাসনে ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ নিৰাপত্তাৰ দিশ আৰু অন্যান্য দিশত তৎপৰতা আৰম্ভ কৰি দিছে।
কেন্দ্ৰীয় বিশেষ সুৰক্ষা বাহিনীৰ জোৱানৰ দল আহি ইতিমধ্যে অনন্ত ৰায়ৰ বাসগৃহ আৰু অঞ্চলটোৰ পৰিস্থিতিৰ লগতে সুৰক্ষা দিশটো পৰ্যৱেক্ষণ কৰিছে। আজি পুৱাৰ ভাগত ছাতিপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ আকাশত নিৰাপত্তা বাহিনীৰ হেলিকপ্টাৰেও পৰ্যৱেক্ষণ আৰম্ভ কৰা দেখা গৈছে।