আমচৈ অঞ্চলৰ আন এজনৰ শৰীৰত কোভিড-১৯ পজিটিভ
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ আমচৈ অঞ্চলৰ বাৰগোগ গাৱঁৰ সমৰু মৃৰ্ধাৰ পুত্র ৰিজু মৃৰ্ধা নামৰ যুৱক এজনৰ শৰীৰত কোভিড -১৯ পজিটিভ পোৱা গৈছে।
স্থানীয় গাওঁবুঢ়া লাওবৰ বড়োৰ পৰা জানিব পৰা মতে এই যুৱকজন মহাৰাষ্ট্ৰত কর্মৰত আছিল আৰু অসমলৈ উভতি অহাৰ পিছত মৰিগাঁৱত সাত দিন কোৱাৰেণ্টাইনত থকাৰ পিছত আন সাত দিন হোম কোৱাৰেণ্টাইনত থকাৰ বাবে ঘৰলৈ পঠিয়াই দিয়া হৈছিল।
যুৱকজন তিনি দিনৰ আগত হোম কোৱাৰেণ্টাইনত থকাৰ নামত ঘূৰি ফুৰাৰ অভিযোগ তুলিছে আমচৈ চাহ বাগিচাৰ আটছা গোটে। এই লৈ স্থানীয় চাহ জনজাতিৰ লোকসকল ভীতিগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ৰিজু মৃর্ধাক ১৭ জুনৰ নিশা ১০৮ গাড়ীৰে চিকিৎসাৰ বাবে লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।