নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে বটদ্রৱা এৰি নিদিয়াত তীব্র ক্ষোভ অজিত ভূঞাৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: ক্ষমতা দখলৰ লক্ষ্যৰে গঠন কৰা মহাজোঁটত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে মহাজঁট৷ আসন ভাগ–বাটোৱাৰাক লৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত চলি থকা সংঘাতৰ মাজতে এইবাৰ দাবী কৰা সমষ্টি নাপাই ক্ষোভত ফাটি পৰিছে মহাজোঁটৰ অন্যতম অংশীদাৰ আঞ্চলিক গণ মর্চা৷ ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই দাবী কৰা আসন এৰি দিয়াৰ ক্ষেত্রত কংগ্রেছ আৰু এ আই ইউ ডি এফে দেখুৱাই অহা হোঁহকা–পিছলাক লৈ  মুকলিকৈ ক্ষোভ উজাৰিলে অজিত ভূঞাই৷

মহানগৰীৰ হোটেল লিলিত এখন সংবাদ মেল আয়োজন কৰি আঞ্চলিক গণ মর্চাৰ সভাপতিজনে স্পষ্টভাৱে কয় যে বিজেপিক হৰুৱাবলৈ যি উদ্দেশ্যৰে মহাজোঁট গঠন কৰা হৈছে, সেই উদ্দেশ্য ফলৱর্তী কৰাত গুৰুত্ব দিয়া নাই কংগ্রেছ আৰু এ আই ইউ ডি এফে৷ ফলত মহাজোঁট যি ধৰণে আগুৱাব লাগিছিল, তেনেধৰণে আগুৱাব পৰা নাই৷ আনকি দলসমূহৰ মাজত সমন্বয় সমিতি গঠন কৰাৰ বাবে যি সিদ্ধান্ত গ্রহণ কৰা হৈছিল, এই সিদ্ধান্তও গুৰুত্বহীন হৈ পৰিছে৷ ইয়াৰ মাজতে আসন ভাগ–বাটোৱাৰাক লৈও কংগ্রেছ আৰু এ আই ইউ ডি এফে নিজৰ স্বার্থ ত্যাগ কৰিব পৰা নাই৷ এইক্ষেত্রত অজিত ভূঞাই বটদ্রৱা সমষ্টিৰ প্রসংগ উত্থাপন কৰি কয়–বটদ্রৱা সমষ্টিত আঞ্চলিক গণ মর্চাই এইবাৰ লাচিত বৰদলৈক জাতীয়তাবাদী নেতা হিচাপে প্রক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্তৰ কথা ইতিমধ্যে কংগ্রেছ আৰু এ আই ইউ ডি এফক অৱগত কৰা হৈছিল আৰু দুয়োটা দলে এইক্ষেত্রত আঞ্চলিক গণ মর্চাক প্রতিশ্রুতি দিছিল যে বটদ্রৱাত তেওঁলোকে প্রার্থিত্ব প্রক্ষেপ নকৰে৷ কিন্তু লাচিত বৰদলৈক প্রার্থিত্ব পৰা বঞ্চিত কৰি কংগ্রেছে ইতিমধ্যে সমষ্টিটোত প্রার্থীৰ নাম ঘোষণা কৰিছে৷

অতি পৰিতাপৰ বিষয়টো হ’ল যে লাচিত বৰদলৈৰ দৰে এগৰাকী জাতীয়তাবাদী নেতাৰ পৰিৱর্তে কংগ্রেছে যিগৰাকী প্রার্থী প্রক্ষেপ কৰিছে, তেওঁক কোনেও চিনি নাপায়৷ দৰাচলতে কংগ্রেছৰ আভ্যন্তৰীণ কন্দলৰ বাবে আমি বটদ্রৱা আসনখনৰ পৰা বঞ্চিত হৈছোঁ৷ এয়া আমাৰ বাবে দুখ আৰু অসন্তুষ্টিৰ বিষয়৷ উল্লেখ্য যে প্রথম পর্যায়ৰ নির্বাচনত আঞ্চলিক গণ মর্চাই বোকাখাত আৰু বটদ্রৱা সমষ্টি দুটা বিচাৰিছিল৷ সেই অনুসৰি সমষ্টি দুটাত প্রার্থিত্ব প্রায় চূড়ান্ত হৈছিল যদিও কংগ্রেছে আঞ্চলিক গণ মর্চাক প্রতাৰণা কৰি বটদ্রৱাত দলীয় প্রার্থী প্রক্ষেপ কৰে৷ একেদৰে বোকাখাত সমষ্টিটো এতিয়ালৈ কংগ্রেছে আঞ্চলিক গণ মর্চাক আসনখন এৰি দিয়াৰ কোনো সিদ্ধান্তৰ কথা অৱগত কৰা নাই৷ ইয়াকে লৈ কংগ্রেছ–এ আই ইউ ডি এফৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজৰা অজিত ভূঞাই আজি স্পষ্টকৈ উল্লেখ কৰে যে পূর্বৰ সিদ্ধান্ত অনুসৰিয়েই আঞ্চলিক গণ মর্চাই বটদ্রৱা সমষ্টিত লাচিত বৰদলৈক প্রক্ষেপ কৰিব৷ কার্যতঃ সমষ্টিটোত কংগ্রেছৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাত নামিব আঞ্চলিক গণ মর্চা৷

একেদৰে বোকাখাত সমষ্টিটো আঞ্চলিক গণ মর্চাই প্রণৱ দলেক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ যদিও সমষ্টিটো এতিয়াও আঞ্চলিক গণ মর্চাক এৰি দিয়া বুলি মহাজোঁটে ঘোষণা কৰা নাই, তথাপি আঞ্চলিক গণ মর্চাৰ হৈ কালি প্রণৱ দলেই বোকাখাত সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিব৷ ইফালে আঞ্চলিক গণ মর্চাই দিছপুৰ সমষ্টি আৰু পশ্চিম গুৱাহাটী সমষ্টি দুটাতো প্রতিদ্বন্দ্বিতাৰ বাবে মহাজোঁটত দাবী উত্থাপন কৰিছে৷ দিছপুৰ সমষ্টিত আঞ্চলিক গণ মর্চাৰ কার্যকৰী সভাপতি মনজিৎ মহন্তই প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ কিন্তু এতিয়ালৈ কংগ্রেছে সমষ্টিটো আঞ্চলিক গণ মর্চাক এৰি দিয়াৰ কথা ঘোষণা কৰা নাই৷ অজিত ভূঞাই আজি এইবুলিও অভিযোগ কৰে যে ভোট বিভাজন ৰোধৰ বাবে গঠন কৰা মহাজোঁট যি ধৰণে আগুৱাই নিব লাগিছিল, তাক আগুৱাই নিয়াত বিগ ব্রাদাৰ হিচাপে কংগ্রেছ সফল হোৱা নাই৷ কংগ্রেছ আৰু এ আই ইউ ডি এফে প্রার্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই৷ তেনে ক্ষেত্রত বিজেপিৰ বিৰুদ্ধে মহাজোঁটে কিদৰে প্রত্যাহ্বান গঢ়ি তুলিব, সেয়াও যথেষ্ট চর্চাৰ বিষয় হৈছে৷

You might also like