উন্নয়নৰ লগতে নিবনুৱা সমস্যাক সমানে গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি আঙুৰতাৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ “সবকা চাথ, সবকা বিকাশ” নীতিৰে যিদৰে বিগত ৫ টা বছৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক বেদখলমুক্ত কৰিলে তাৰবাবে ৰাইজে আজি বুজি পাইছে যে বিজেপিৰ নেতৃত্বতেই অসমৰ জাতি, মাটি, ভেটি সুৰক্ষিত হ’ব। গতিকে এই কথাবোৰ আগত ৰাখিয়েই আমি ক’ব পাৰো যে এইবাৰো ৰাজ্যত বিজেপিৰ চৰকাৰেই হ’ব।’ – আজি নগাঁও উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি এই মন্তব্য বিধায়িকা আঙুৰলতা ডেকাৰ।
ইপিনে সাংবাদিকে বিধায়িকাগৰাকীৰ প্ৰতিদন্দিতা কাৰ সৈতে হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰতিদন্দিসকলক মই বেছি শক্তিশালী বুলি ভবা নাই বা দুৰ্বল বুলিও লোৱা নাই। যোৱা ৫ টা বছৰত যিখিনি কাম কৰিবলৈ ৰৈ গৈছে, এইবাৰ সেই সকলোখিনি কৰিবলৈ উন্নয়নক মূল ইছ্যু হিচাপে লৈ ৰাইজৰ মাজলৈ আগবাঢ়ি যাম।
আনহাতে বটদ্ৰৱা সমষ্টিত উন্নয়নৰ লগতে নিবনুৱা সমস্যাকো সমানে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি বিধায়িকাগৰাকীয়ে কয় যে নিবনুৱাসকলক সংস্থাপন দিয়াৰ বাবে তেওঁ এইবাৰ গুৰুত্ব প্ৰদান কৰিব।