গোলাঘাটৰ ৰেচিডেঞ্চীয়েল গাৰ্লছ পলিটেকনিকত ড্ৰাগছ বিৰোধী সজাগতা সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চ: অসমৰ আগশাৰী কাৰিকৰী শিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম ৰেচিডেঞ্চীয়েল গাৰ্লছ পলিটেকনিক আৰু district health society, NTEP, গোলাঘাটৰ যুটীয়া সহযোগত প্ৰতিষ্ঠানখনৰ অধ্যক্ষা মনি চেতিয়াৰ সভাপতিত্বত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভাৰ অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে প্ৰতিষ্ঠানখনৰ সমূহ ছাত্ৰী, প্ৰবক্তা আৰু কৰ্মচাৰীসকলৰ সহযোগত এটি ড্ৰাগছ বিৰোধীৰ শোভাযাত্ৰা উলিওৱা হয় । উক্ত অনুষ্ঠানটোত গোলাঘাটৰ জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰুণচন্দ্ৰ মহন্ত, চিকিৎসা বিভাগৰ উপ পৰিদৰ্শক ডাঃ হিৰেণ শইকীয়া আৰু ধপাঁত নিয়ন্ত্ৰণ কোষৰ নোডেল অফিচাৰ ডাঃ সুনীতা এক্কা উপস্থিত থাকে ।
উল্লেখ্য যে এই সজাগতা সভাত ডাঃ মহন্তই নিচাজাতীয় দ্ৰব্য সমূহৰ অপকাৰীতাৰ বিষয়ে আলোচনা কৰাৰ উপৰিও দৈনন্দিন জীৱনত হৈ থকা ৰোগবোৰক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ কিছু সাৱধানতাৰ বিষয়ে বহলাই বাখ্যা কৰে । আনহাতে ডাঃ শইকীয়াই প্ৰাৰম্ভিক স্তৰতে কৰ্কট আৰু কোষ্ঠ ৰোগৰ লক্ষণসমূহ আৰু ইয়াৰ বাবে ল’বলগীয়া সতকৰাৰ বিষয়ে ভাষণ প্ৰদান কৰে। জিলাখনৰ ধপাঁত নিয়ন্ত্ৰণ কোষৰ নোডেল অফিচাৰ ডাঃ এক্কাই ধুমপানৰ অপকাৰীতা আৰু ইয়াৰ ফলত সমাজত সংঘটিত হৈ থকা বিভিন্ন অপৰাধমূলক ঘটনাবোৰৰ বিষয়ে আৰু অঞ্চলটোক কেনেকৈ ধপাঁতমুক্ত কৰিব পাৰি তাৰ বিষয়ে বিতংকভাৱে বৰ্ণনা কৰে । অনুষ্ঠানটিৰ শেষত তাত উপস্থিত থকা সকলোৱে শপত গ্ৰহণ কৰোঁ যে আমি কোনো ধৰণৰ ধপাঁত জাতিয় সামগ্ৰী সেৱন নকৰোঁ আৰু অন্যা কাকো সেৱন কৰিবলৈ নিদিওঁ আৰু আমাৰ পলিটেকনিক খনক ধপাঁত মুক্ত চৌহদ বুলি ঘোষণা কৰে ।
প্ৰেৰকঃ ভৰত দত্ত গোলাঘাট