নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত এপ’ল মিলৰ ৩৯৪ কৰ্মচাৰীক ভিআৰ‌এছ প্ৰদান

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : ৰঙিয়াৰ এপ’ল মিলৰ ৩৯৪ গৰাকী কৰ্মচাৰীক শনিবাৰে আনুষ্ঠানিক ভাৱে ভিআৰ‌এছ প্ৰদান। এপ’লৰ কৰ্মচাৰী সকলক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান কৰে সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি ৰঙিয়াৰ এপ’লৰ কৰ্মচাৰীক এই ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে স্থানীয় বিধায়ক তথ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সমবায় আন্দোলনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। এই অনুষ্ঠানত স্বেচ্ছামূলক অৱসৰৰ প্ৰথম কিস্তি হিচাপে ১২ কোটি টকা বেংক একাউণ্টযোগে পোনপটীয়াকৈ প্ৰদান কৰাৰ লগতে বকেয়া ধনৰাশিও অতি সোনকালেই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত ভাষণ আগবঢ়াই স্থানীয় বিধায়ক ভৱেশ কলিতাই কয় যে এপ’ল মিলৰ ভূমিখিনি সমবায় বিভাগৰ পৰা উদ্যোগ বিভাগলৈ হস্তান্তৰ কৰি তাত এখন ঔদ্যোগিক পাম গঢ়ি তোলা হ’ব। স্বেচ্ছামূলক অৱসৰৰ ধনৰাশিৰ সদ্ব্যৱহাৰেৰে জীৱিকা সৃষ্টিকাৰী কাম-কাজ হাতত ল’বলৈ তেওঁ কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায়। আনফালে চৰকাৰে প্ৰদান কৰা VRS ক লৈ এপ’ল কৰ্মচাৰী সকল উৎফুল্লিত হৈ পৰে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like