লোকসেৱা আয়োগৰ তথ্যত পুনৰ ভয়ংকৰ বিভ্রান্তি; ৩১৬গৰাকী অধিক প্রার্থী অৱতীর্ণ হ’ল মূল লিখিত পৰীক্ষাত
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ এটাৰ পিছত আন এটা বিসংগতিপূর্ণ তথ্যই হাজাৰ হাজাৰ পৰীক্ষার্থীৰ মাজত ধূঁৱলি–কুঁৱলী পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এপিএছচিয়ে অনুষ্ঠিত কৰা ২০১৮ বর্ষৰ অসামৰিক সেৱা আৰু সংলগ্ণ পৰীক্ষাৰ এনছাৰ কীত থকা ভুলৰ বাবে সমগ্র পৰীক্ষাটো বেমেজালিৰ মাজত সোমাই পৰিছে৷ এই তথ্য ইতিমধ্যে ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে৷ কিন্তু অসম লোকসেৱা আয়োগৰ দায়িত্বজ্ঞানহীন কাম–কাজৰ ইমানতে ওৰ পৰা নাই৷ ২০১৮ বর্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত তাতোকৈও ভয়ংকৰ বিংগতি সংঘটিত হৈছে৷
এপিএছচিৰ তথ্য মতে, উক্ত বর্ষৰ লিখিত পৰীক্ষাৰ প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হোৱা পৰীক্ষার্থীতকৈ ৩১৬গৰাকী অধিক প্রার্থী অৱতীর্ণ হৈছে৷ এইসকল কোন প্রার্থী, কেনেকৈ মূল লিখিত পৰীক্ষাত অৱতীর্ণ হ’ল, তাৰ কোনো বিশ্বাসযোগ্য তথ্য আয়োগে এতিয়ালৈকে আগবঢ়াব পৰা নাই৷ অসম লোকসেৱা আয়োগে এটা গোচৰ সংক্রান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছে যে মুঠ ৪,০৭৬গৰাকী প্রার্থী ২০১৮ বর্ষৰ অসামৰিক সেৱাৰ মূল লিখিত পৰীক্ষাত অৱতীর্ণ হৈছে৷ কিন্তু আয়োগে ঘোষণা কৰা ফলাফলত মুঠ ৩,৭৯০গৰাকী প্রার্থী উত্তীর্ণ হোৱাৰহে তথ্য আছে৷ ইয়াৰে ৩০গৰাকী প্রার্থী মূল লিখিত পৰীক্ষালৈ নাহিল৷ অর্থাৎ পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীৰ মুঠ সংখ্যা হ’ল ৩,৭৬০গৰাকী৷ এনে পৰিস্থিতিত আয়োগে শপতনামাত উল্লেখ কৰাৰ দৰে ৪,০৭৬গৰাকী প্রার্থী যদি মূল লিখিত পৰীক্ষাত অৱতীর্ণ হৈছে, তেনেহ’লে অতিৰিক্ত ৩১৬গৰাকী প্রার্থী ক’ৰ পৰা অন্তর্ভুক্ত হ’ল, তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে ২০১৮ বর্ষৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ বাবে প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল ২০১৮ চনৰ ৩০ ডিচেম্বৰত৷ মুঠ প্রার্থীৰ সংখ্যা আছিল ৩৬,২৩২গৰাকী৷ ২০১৯ চনৰ ১৩ মার্চত ঘোষণা কৰা ফলাফল অনুসৰি প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হয় ৩,৩৬১গৰাকী প্রার্থী৷ কিন্তু ইয়াৰ পিছত আয়োগে প্রকাশ কৰা এনছাৰ কীত কেইবাটাও উত্তৰ ভুলকৈ সন্নিৱিষ্ট হোৱাৰ তথ্য পোহৰলৈ আহে৷ বিষয়টোক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছত ৩০ এপ্রিলত আৰু এখন সংশোধিত তালিকা প্রকাশ কৰি নতুনকৈ ৪০৮গৰাকী প্রার্থীক উত্তীর্ণ ঘোষণা কৰে৷ কিন্তু অসন্তুষ্ট ২১গৰাকী প্রার্থী এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ ন্যায়ালয়ৰ নির্দেশত চলা পুনৰীক্ষণত ইয়াৰ ভিতৰত ৯গৰাকী প্রার্থীক গ্রেচ মার্ক প্রদান কৰি এপিএছচিয়ে প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ ঘোষণা কৰে৷ বাদ পৰি যোৱা ১২গৰাকী প্রার্থীকো ন্যায়ালয়ে মূল পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ প্রদান কৰে৷
ইপিনে ভুল উত্তৰ লিখিও ৯৮গৰাকী প্রার্থী প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হৈছিল যদিও মানৱীয়তাৰ খাতিৰত তেওঁলোককো মূল পৰীক্ষাত বহিবলৈ অনুমতি দিয়ে৷ গোচৰটোৰ জটিলতাৰ প্রতি লক্ষ্য ৰাখি ন্যায়ালয়ে ‘এমিকাছ কিউৰী’ হিচাপে নিয়োগ কৰা জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই ন্যায়ালয়ক সদৰী কৰা মতে অশুদ্ধ এনছাৰ কীৰ বাবে উত্তীর্ণ হোৱা ৯৮গৰাকী প্রার্থীৰ ৩০গৰাকী মূল লিখিত পৰীক্ষাত অৱতীর্ণ নহ’ল৷ গতিকে এমিকাছ কিউৰীৰ মতেই লিখিত পৰীক্ষাত অৱতীর্ণ হোৱা মুঠ প্রার্থীৰ সংখ্যা হ’ব লাগিছিল ৩,৭৬০গৰাকী৷[৩৩৩১(৩৩৬১–৩) + ৪০৮+ ৯+ ১] কিন্তু ন্যায়ালয়ত দাখিল কৰা শপতনামাত এপিএছচিয়ে উল্লেখ কৰিছে যে ২০১৮ৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ মূল লিখিত পৰীক্ষাত অৱতীর্ণ হোৱা মুঠ প্রার্থীৰ সংখ্যা হ’ল ৪,০৭৬গৰাকী৷
লোকসেৱা আয়োগৰ এই তথ্য মতে ৩১৬গৰাকী অতিৰিক্ত প্রার্থী মূল লিখিত পৰীক্ষাত অৱতীর্ণ হৈছে৷ স্বাভাৱিকতে অসম লোকসেৱা আয়োগৰ এই বিসংগতিপূর্ণ তথ্যই চৰম বিভ্রান্তিৰ সৃষ্টি কৰিছে প্রার্থীসকলৰ মাজত৷ এই বিভ্রান্তিৰ কোনো উত্তৰ দিব নোৱাৰি এপিএছচিয়ে তেনেকৈয়ে ৫৪৪গৰাকী প্রার্থীক বাছনি কৰি সাক্ষাৎকাৰো অনুষ্ঠিত কৰে৷ কিন্তু বিসংগতি–বেমেজালিৰ অনেক অভিযোগৰ মাজত সমগ্র প্রক্রিয়াটো অস্বচ্ছ হৈ পৰিছে৷ তাৰ পিছতো অসম লোকসেৱা আয়োগে এই বিভ্রান্তি দূৰ কৰাৰ প্রয়োজনীয়তা এতিয়ালৈ অনুভৱ কৰা নাই৷