নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

APSC পৰীক্ষাৰ ফলাফলত গহপুৰৰ খাৰৈগুৰীৰ জিম্পী শইকীয়াৰ সাফল্য

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কালি ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সাফল্য অৰ্জন কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে হাৱাজান খাৰৈগুৰীৰ জিম্পী শইকীয়াই। বিশ্বনাথ চাৰিআলিৰ মোনাবাৰী বস্তি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া হিচাপে নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা জিম্পী শইকীয়াই নিজৰ চৰকাৰী দায়িত্ব আৰু কৰ্তব্যৰ মাজত উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়। ঘোষিত ফলাফলত খণ্ড উন্নয়ন বিষয়া পদৰ বাবে যোগ্যতা অৰ্জন কৰা জিম্পী শইকীয়া হাৱাজান খাৰৈগুৰী নিবাসী তথা লখিমপুৰ জলসিঞ্চন সংমণ্ডলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মানিক শইকীয়া আৰু দক্ষিণ পূব কলাবাৰী বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বুলু শইকীয়াৰ কনিষ্ঠ কন্যা। উল্লেখ্য যে, সৰুৰে পৰা অত্যন্ত মেধাৱী ছাত্ৰী হিচাপে পৰিচিত জিম্পী শইকীয়াই হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৮০ শতাংশ নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লখিমপুৰ জিনিয়াছ একাডেমীৰ পৰাও ৮০ শতাংশ নম্বৰ লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছিল। ইয়াৰ পিছত তেওঁ ২০১৮ চনত মেডিকেল ইনষ্টিটিউট অফ যোৰহাটৰ পৰা বিএছচি এণ্ড কমিউনিটি হেল্থ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰাৰ পিছত সামূহিক স্বাস্থ্য বিষয়া হিচাপে চাকৰি জীৱনৰ আৰম্ভণি কৰে। স্বাস্থ্য বিভাগৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ বিভাগত কৰ্ম সম্পাদন কৰি থকাৰ মাজত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অবতীৰ্ণ হৈ প্ৰথমবাৰতেই সফলতা লাভ কৰা জিম্পী শইকীয়াক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনাইছে গহপুৰ মহকুমাবাসী ৰাইজে।
বিপুল কুমাৰ দিহিঙীয়া
You might also like