নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্ৰি কার্বিৰ ৰেলী–বিক্ষোভত উত্তাল সোণাপুৰ

পার্বত্য জনজাতিৰ মর্যাদাঃ ডিমৰীয়াৰ ৬ সমষ্টিত তিৱা পৰিষদৰ নির্বাচন বাতিলৰ দাবী

নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ  ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত পার্বত্য জনজাতিৰ মর্যাদা প্রদানৰ লগতে পুনৰ প্রস্তাৱিত ডিমৰীয়াৰ ৬ সমষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন প্রক্রিয়া বাতিলৰ দাবীত বুধবাৰে আমৰি কার্বি ছাত্র সন্থাই ডিমৰীয়াত বৃহৎ বাইক ৰেলী উলিয়ায়৷ প্রথমে সোণাপুৰ নতুন বজাৰত শতাধিক প্রতিবাদকাৰী সমৱেত হয়৷ সোণাপুৰৰ বজাৰৰ মাজেৰে আৰম্ভ কৰি নৰতাপ, মাৰকাং, ক্ষেত্রী, টোপাতলী, তেতেলীয়া হহৰা চামতা বৰখাট বর্ণিহাট হৈ শেষত নৰতাপত এই বাইক ৰেলীৰ সামৰণি পৰে৷ সংগঠনটোৰ অভিযোগ যে বছৰ বছৰ ধৰি আমৰি কার্বি জনগোষ্ঠীয়ে পার্বত্য জনজাতিৰ দাবী কৰি আহিছে যদিও কোনো এখন চৰকাৰে তেওলোকৰ এই দাবীৰ প্রতি সঁহাৰি জনোৱা নাই৷ ১৯৮২ চনৰ পৰাই গণতান্ত্রিক আন্দোলনৰ জৰিয়তে মন্ত্রী বিধায়কক বহু আবেদন–নিবেদন কৰিলে যদিও জনগোষ্ঠীটোৱে লাঞ্চিত বঞ্চিত হোৱাৰ বাদে আন একো নহ’ল৷ জনগোষ্ঠীটোক প্রতিখন চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি কেৱল মিছা প্রতিশ্রুতি দিয়াৰ বাদে আন একো নহ’ল৷ অসমৰ কলম্বাছ হিচাপে পৰিচিত আমৰি কার্বিসকলক আজিলৈকে পার্বত্য জনজাতি মর্যাদা প্রদান নকৰাটো এক দুর্ভাগ্যজনক৷ বিভিন্ন দাবীৰ সমর্থনত আজি আমৰি কার্বি ছাত্র সন্থা জিন্দাবাদ আমৰি কার্বিক শীঘ্রে পার্বত্য জনজাতি মর্যাদা প্রদান কৰক আদি শ্লোগানেৰে বাইক ৰেলীৰ জৰিয়তে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ ২৬নং ডিমৰীয়া সমষ্টি , ৩২নং ডিগাৰু সমষ্টি, ৩৩ নং ক্ষেত্রী সমষ্টি, ৩৪নং সোণাপুৰ সমষ্টি, ৩৫নং আম্প্রী সমষ্টি আৰু ৩৭নং ফং আৰি এই ছয় সমষ্টি তিৱা নির্বাচন পূর্বে পাতিব বিচাৰিছিল যদিও আমৰি কার্বি জনগোষ্ঠীয়ে বাধা প্রদান কৰাত নির্বাচন বাতিল কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু পুনৰ এই নির্বাচন চলিত বর্ষতে পতাৰ কথা জানিব পাৰি আমৰি কার্বি জনগোষ্ঠী জাঙুৰ খাই উঠিছে৷ তেওঁলোকৰ দাবী ডিমৰীয়াত তিনি শতাংশ তিৱা লোক আছে৷ তেনে ক্ষেত্রত কোনো কাৰণতে ডিমৰীয়াৰ এই ছয় সমষ্টিত তিৱা নির্বাচন হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ বেছিসংখ্যক আমৰি কার্বি বসতিপ্রধান ডিমৰীয়াৰ এই ছয় সমষ্টিত তীৱা নির্বাচন বলপূর্বকভাৱে পাতিলে পৰিস্থিতি ভয়ংকৰ হ’ব বুলিও চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে৷ পার্বত্য জনজাতি প্রদানৰ লগতে তিৱা নির্বাচন বাতিলৰ দাবীত ১৯ অক্টোবৰত সোণাপুৰ চক্র বিষয়া কার্যালয়ত ধর্ণা কার্যসূচীৰ লগতে ২৮, ২৯ ৩০ অক্টোবৰত চক্র বিষয়া কার্যালয়ত তিনিদিনীয়া অনশন কার্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে৷

You might also like