নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহু চিকাৰলৈ যাওতে ৰহস্যজনক ঘটনা; বন্ধুৰ গুলীতে মৃত্যু বিশ্বনাথৰ বিনোদ ৰাজগড়ৰ

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বন্ধুৰ বন্দুকৰ গুলীতহে প্রাণ গৈছিল বিশ্বনাথৰ পাঁচলগিৰ আদিবাসী যুৱক বিনোদ ৰাজগডৰ৷ বিনোদ ৰাজগডক বন্ধু বিশ্বজিৎ দৈমাৰী ওৰফে সোমইনাই হত্যা কৰা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে৷

  তদুপৰি আৰক্ষীয়ে ২ টাকৈ হস্তনির্মিত বন্দুক, সীহৰ টুকুৰা আৰু বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী বিশ্বজিৎ আৰু আত্মসমর্পণকাৰী এন ডি এফ বি সদস্য গোবলাই বসুমতাৰী আৰু বন্দুক নির্মাতা কমল বসুমতাৰীক গ্রেপ্তাৰ কৰা বুলি বুধবাৰে বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সদৰী কৰে৷ কমলৰ পৰা বন্দুক লৈ জংঘলত পহু–গাহৰি চিকাৰ কৰিবলৈ যাওঁতেই ৰহস্যজনকভাৱে বন্ধু বিশ্বজিতৰ গুলীত নিহত হয় বিনোদ৷ এই স্বীকাৰোক্তি দিয়া বিশ্বজিতে অৱশ্যে গুলীচালনাৰ ঘটনা দুর্ঘটনা বুলি জনাইছে যদিও ইয়াৰ অন্তৰালত থকা উদ্দেশ্য এই পর্যন্ত পোহৰলৈ অহা নাই৷ ১৫ জুনত সংঘটিত এই ঘটনাত ব্যৱহূত বন্দুকৰ গৰাকী আছিল কমল বসুমতাৰী৷ বন্দুক নির্মাতা ৰূপে কুখ্যাতি থকা কমলক অৱশ্যে এটা বন্দুক বিনোদৰ হত্যাৰ পিছতে চমজাই দিয়া হয় যদিও হত্যাত ব্যৱহূত বন্দুকটো জংঘলত পেলায় থৈ আহে৷

   আৰক্ষীয়ে ইতিমধ্যে কমলৰ বাসগৃহৰ পৰা এটা আৰু ঘটনাস্থলীৰ কিছু নিলগৰ পৰা আনটো বন্দুক উদ্ধাৰ কৰা বুলিও জানিবলৈ দিয়ে৷ আনহাতে বিনোদৰ হত্যাৰ খবৰ আত্মীয়ক জনাইছিল ৫বছৰ পূর্বে আত্মসমর্পণ কৰা এন ডি এফ বি সদস্য গোবলাই৷ বিশ্বনাথৰ ডি এছ পি এম হুছেইন, অ’চি এছ চি দাস, বালিচাং আউট পোষ্টৰ ভাৰপ্রাপ্ত বিষয়া লক্ষী কলিতা, নগৰৰ উপ–পৰিদর্শকসহ অভিযানকাৰী দলে সমগ্র হত্যাকাণ্ডটো পোহৰলৈ আনে৷

You might also like