নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত চৰকাৰী গাঁওবুঢ়া সহ দুজনক গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ ৰূপহীহাট আৰক্ষীয়ে আজি চৰকাৰী গাওবুঢ়া সহ দুজনক গ্ৰেপ্তাৰ কৰিছে | মাটিৰ দালালিৰ অভিযোগত চৰকাৰী গাওবুঢ়া গ্ৰেপ্তাৰ হয় | কৰৈগুৰী গাঁৱৰ চৰকাৰী গাওঁবুঢ়াই লোন আৰু ৰেশ্বন কাৰ্ড বনোৱাৰ প্ৰলোভন দি ভুক্তভোগী মহিলাৰ পৰা চহী জালিয়াতি কৰি মাটি নামজাৰী কৰিছিল প্ৰায় ৪ বিঘা মাটি | গাওঁবুঢ়া ৰফিকুল ইছলামে প্ৰতি বিঘাত ৩০ হাজাৰ টকাত মুঠ ৪ বিঘা মাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে | মাটি ক্ৰয় কৰাৰ লগত জড়িত আছিল আব্দুল জব্বাৰ আৰু চুৰহাব উদ্দিন | সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰূপহীহাট আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে | ভুক্তভোগীৰ এজাহাৰ বৃত্তিত চৰকাৰী গাওঁবুঢ়াসহ দুইজনক গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে |

প্ৰেৰকঃ জহিৰুল ইছলাম/ৰূপহীহাট

You might also like