নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত বাল্য বিবাহবিৰোধী অভিযানত গ্ৰেপ্তাৰ তিনি

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ সাপটগ্ৰাম আৰক্ষীৰ অভিযানত ভেলাকোপা গাঁৱৰ বাল্য বিবাহৰ লগত জড়িত স্বামীসহ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। এইসকলৰ বিৰুদ্ধে সাপটগ্ৰাম থানাত 78/2023 IPC 376/365 নম্বৰত কেচ ৰুজু হৈ আছিল। উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে একেটা পৰিয়ালৰ তিনিজনক পিতা, পুত্ৰ আৰু খুড়াকক। আটকাধীন তিনিজন ক্ৰমে সহিদুৰ ৰহমান, আব্দুল কৰিম আৰু কাশেম আলী বুলি জানিব পৰা গৈছে। তেওঁলোকক আটক কৰি সাপটগ্ৰাম থানাৰ গোচৰ নম্বৰ 78/2023 U/S – 120(B)/365/376 IPC, R/W SEC- 9/10/11/ THE PCM ACT 2006 AND R/W SEC- 6 OF POCSO ACT অধীনত আটাইকেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। বাল্য বিবাহৰ লগত জড়িত বাকী পলাতককেইজনৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

You might also like