নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত তীৰ মাফিয়া ইব্ৰাহীম শ্বেখক জে’ল-হাজোতলৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ২২ জুলাই : ঢেকীয়াজুলিত তীৰ জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ঢেকীয়াজুলিত তীৰ মাফিয়া ইব্ৰাহীম শ্বেখ (৩৮)ক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে। ঠেলামৰাৰ পৰা অভিযান চলাই ঢেকীয়াজুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তীৰ মাফিয়া ইব্ৰাহীম শ্বেখক ৷ ঢেকীয়াজুলি আৰক্ষীয়ে ১৩০/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে সনাতনী বীৰ হিন্দু সেনাৰ বিষয়ববীয়া মিথুন সেন, মণিকণ দাসৰ লগতে বজৰংগ দলৰ অভিজিৎ দাস প্ৰমুখ্যে বিষয়ববীয়াৰ সহযোগত ঢেকীয়াজুলি আৰক্ষীয়ে অভিযান চলাই তীৰ মাফিয়া ইব্ৰাহীম শ্বেখক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে ৷ ঢেকীয়াজুলি আৰক্ষীৰ ইতিবাচক পদক্ষেপৰ শলাগ লয় সনাতনী বীৰ হিন্দু সেনা, বজৰংগ দলৰ লগতে ঢেকীয়াজুলিৰ দল-সংগঠনে ।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like