আর্টফেডৰ সূতাৰ ভঁৰাল মুকলিৰ নির্দেশ উপায়ুক্তৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ মহামাৰী সদৃশ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে সমগ্র দেশৰ লগতে অসমতো বিগত এমাহৰো ওপৰ কাল চলি আছে লকডাউন৷ অত্যাৱশ্যকীয় সামগ্রীৰ বাহিৰে অন্যান্য দোকানসমূহ বন্ধ হৈ থকাত শুৱালকুছিৰ শিপিনী আৰু ক্ষুদ্র পাট–মুগাৰ কাপোৰৰ ব্যৱসায়ীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ লগাত পৰিছে৷ বিশেষকৈ পাট–মুগা আৰু তচ কাপোৰ উৎপাদনৰ বােব প্রয়োজনীয় কেঁচামাল নোপোৱাত বহু তাঁতশালৰ গৰকা মাটিত পৰা পৰিলক্ষিত হৈছে৷ লকডাউনৰ সময়ত শিপিনীসকলৰ সকলো সমস্যা সাঙুৰি যোৱা ২২ এপ্রিলত ‘নিয়মীয়া বার্তা’ত এটা বাতৰি প্রকাশ পাইছিল৷ বাতৰিটোত শুৱালকুছিত থকা আর্টফেডৰ ৰেহাই মূল্যৰ সূতা ভঁৰালটো মুকলি কৰি দিলেও শিপিনীসকলৰ কিছু সুবিধা হ’লহেঁতেন বুলি প্রকাশ পাইছিল৷
বাতৰিটো প্রকাশৰ পিছতে ইয়াৰ শিপিনীসকলৰ সমস্যাৰ কামৰূপ জিলা প্রশাসনে গুৰুত্ব উপলব্ধি কৰে আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ ৈবশ্যই চিঠি নম্বৰ কে/ডিডিএমএ/ ক’ৰোনা ভাইৰাছ/০২/ ২০২০/ পিটি/ ২০২ তাৰিখ ২৩ এপ্রিলযোগে আর্টফেডক শুৱালকুছিত থকা সূতা ভঁৰালটি মুকলি কৰি শিপিনীসকলক ৰেহাই মূল্যত পাট আৰু তচ সূতা যোগান ধৰ্বিলৈ নির্দেশ দিয়ে৷ লগতে এইক্ষেত্রত সামাজিক দূৰত্ব আৰু চৰকাৰৰ সকলো নীতি–নিয়ম মানি চল্বিলৈ নির্দেশটোত উল্লেখ কৰে৷ জিলা উপায়ুক্তগৰাকীৰ এই নির্দেশ পোৱাৰ পিছতে আর্টফেডে ২৪ এপ্রিলৰ পৰা শুৱালকুছিৰ সূতা ভঁৰালত পাট আৰু তচ সূতা ২০ শতাংশ ৰেহাই মূল্যত শিপিনীসকলৰ মাজত বিক্রী কৰিছে৷ বর্তমান সূতা ভঁৰালত ৬০০ কেজি পাট সূতা আৰু প্রায় ৬৫০ কেজি তচ সূতা মজুত আছে৷ শিপিনীসকলক পাট সূতা প্রতিকেজিত ৩২০০ টকাৰ পৰা ৩৫২০ টকা আৰু তচ সূতা ৫৬০০ টকাত বিক্রী কৰি আছে৷ মজুত কম থকাৰ বাবে চৰকাৰীভাৱে শিপিনীৰ কার্ডপ্রাপ্ত এগৰাকী শিপিনীক দীঘপাট দুই কিলোগ্রাম, বাণীপাট এক কিলোগ্রাম আৰু তচ সূতা এক কিলোগ্রামকৈ দিয়াৰ ব্যৱস্থা কৰিছে৷
জানিব পৰা মতে কিছু পাট সূতা গুৱাহাটীৰ গুদামতো মজুত আছে৷ শিপিনীসকলক আৰু কিছুদিন পাট আৰু তচ সূতা যোগান ধৰাত অসুবিধা নহ’ব বুলি সূতা ভঁৰালৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীয়ে অৱগত কৰাইছে৷ কামৰূপ জিলাৰ উপায়ুক্তগৰাকীয়ে এই দুর্যোগৰ সময়ত শুৱালকুছিৰ শিপিনীসকলক কেঁচামালৰ ক্ষেত্রত কিছু সুবিধা কৰি দিয়াত শিপিনীসকলে গভীৰ সন্তুষ্টি লাভ কৰিছে আৰু নিয়মীয়া বার্তাই এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰাত শুৱালকুছিৰ শিপিনীসকলে কাকতখনৰ ভূয়সী প্রশংসা কৰিছে৷ চৰকাৰে আর্টফেডৰ জৰিয়তে শুৱালকুছিৰ শিপিনীয়ে লকডাউনৰ সময়ত মজুত ৰখা কিছু কাপোৰ ক্রয়ৰ ব্যৱস্থা কৰিলে ইয়াৰ শিপিনী আৰু ক্ষুদ্র ব্যৱসায়ীসকল কিছু পৰিমাণে হ’লেও উপকৃত হ’লহেঁতেন বুলি শুৱালকুছিৰ ৰাইজে মতামত ব্যক্ত কৰিছে৷ ইফালে, শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে শুৱালকুছিৰ তাঁতশিল্পৰ লগত জডিত শুৱালকুছিৰ বাহিৰৰ শিপিনী আৰু যোগালীসকলৰ ভৱিষ্যৎ দিনত উন্নয়নৰ বাবে এখন তালিকা প্রস্তুত কৰি আছে৷ এইসকল শিপিনীক পৰৱর্তী দুদিনৰ ভিতৰত ৬০২৬৬–৮৯৭০২ অথবা ৯৮৬৪১–৪২৩৮২ নম্বৰ হোৱাটছ এপত নিজৰ নাম আৰু সম্পূর্ণ ঠিকনা প্রেৰণ কৰ্বিলৈ উন্নয়ন সমিতিয়ে আহ্বান জনাইছে৷