অৰুণাচলৰ বান বিধ্বস্ত অঞ্চললৈ অসমৰ সংগঠনৰ সাহায্য
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ভিন্ন সময়ত সীমা সম্বন্ধীয় বিবাদে অপ্ৰীতিকৰ পৰস্থিতিৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ কিন্তু তাৰ মাজতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে উভয় ৰাজ্যৰে একাংশ সংগঠনে ৷ শেহতীয়াকৈ চিয়াং নৈৰ খহনীয়াই বিধ্বস্ত কৰা জোনাইৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কৰি ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিছিল চুবুৰীয়া ৰাজ্য খনৰ কেইবাটাও সংগঠনে ৷ কিন্তু একে সময়তে চিয়াং নৈৰ খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰিছে অৰুণাচলৰো বহু অঞ্চলত ৷ তাৰ পৰিপ্ৰেক্ষিতত বান আৰু গৰাখহনীয়াই ক্ষতি সাধন কৰা অৰুণাচলৰ মেব’ অঞ্চলৰ চিগাৰ, চেৰাম, বৰঘুলি আৰু নামিচং আদিকে ধৰি কেইবাখনো গাঁৱত শনিবাৰে উপস্থিত হয় জোনাইৰ একাংশ সংগঠন ৷ জোনাইৰ আদি মিচিং বানে কেবাং, টাকাম মিচিং পৰিণ কেবাং, মিচিং মিমে কেবাং নামৰ সংগঠন কেইটাই শনিবাৰে চুবুৰীয়া ৰাজ্যখনৰ বান বিধ্বস্ত এলেকা সমূহ পৰিদৰ্শন কৰি 35 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৷ জোনাইৰ সংগঠন কেইটাৰ এনে পদক্ষেপক প্ৰসংশা কৰিছে অৰুণাচলৰ মেব’বাসীয়ে ৷ লগতে এনে পদক্ষেপে অসম-অৰুণাচলৰ মাজত এক ভাতৃত্ববোধ জাগ্ৰত কৰি, আগন্তুক দিনতো এনেদৰে সহায়-সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে সংগঠনটোৰ একাংশ কৰ্মকৰ্তাই৷