লখিমপুৰত আশা অভিৱৰ্তন
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ: লখিমপুৰ জিলা স্বাস্থ্য সমিতি , ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান লখিমপুৰ জিলাৰ উদ্যোগত আশা কৰ্মী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি অনুষ্ঠিত হয় আশা অভিৱৰ্তন
জিলাখনৰ আজাদস্থিত নৱজ্যোতি ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা আশা অভিৱৰ্তনখনি বন্তি প্ৰজ্জ্বলনৰে শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই। অভিৱৰ্তনত জিলা উপায়ুক্ত সুমিত সত্বাৱনে মুখ্য অতিথিৰূপে অংশ লৈ আশা কৰ্মীসকল স্বাস্থ্য বিভাগৰ মেৰুদণ্ড বুলি অভিহিত কৰি কয় যে আশাকৰ্মী সকলে স্বাস্থ্য বিভাগৰ বিভিন্ন দায়িত্ব যেনে গৰ্ভৱতী মহিলা, নবজাতক সকলৰ চোৱা-চিতা, পৰিয়াল পৰিকল্পনাকে ধৰি বিভিন্ন আঁচনি সমূহৰ সফল ৰূপায়নত প্ৰধান ভূমিকা গ্ৰহণ কৰি আহিছে।তেওঁ লগতে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো চলি থকা আয়ুষ্মান ভাৰত কাৰ্ডৰ ই-কেৱাইচি অভিযানত সফল্যমণ্ডিত কৰি তুলিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাই ।কবি,গল্পকাৰ পংকজ সভাপণ্ডিতে আঁতধৰা অনুষ্ঠানত নাওবৈছা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আশা কৰ্মীয়ে জেং বিহু,ধলপুৰৰ আশা কৰ্মীয়ে দেউৰী বিহু,ঘিলামৰাৰ আশা কৰ্মীয়ে জেং বিহু , বগীনদীৰ আশা কৰ্মীয়ে ঝুমুৰ নৃত্য, ঢকুৱাখনাৰ আশা কৰ্মীয়ে মিছিং বিহু প্ৰদৰ্শনকে ধৰিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।আশা অভিৱৰ্তনত নিজ কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা জিলাখনৰ মুঠ ২০গৰাকী আশাকৰ্মীক জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ অধ্যক্ষ ডা: গোপাল কুমাৰ পুৰকায়স্ত, লখিমপুৰ মেডিকেল কলেজৰ অতিৰিক্ত অধীক্ষক ডা:নিখিল কাকতি, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (পৰিয়াল কল্যান) ডা:তৰুণ কুমাৰ দেউৰী, আয়ুস অভিযানৰ জিলা আঁচনি প্ৰবন্ধক আইচেংমুঙ বুঢ়াগোহাঁইকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰী আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশাকৰ্মীসকল উপস্থিত থাকে ।
প্ৰেৰক পুলকজ্যোতি বৰা