নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তি ৰূপায়ণ নোহোৱাত ক্ষোভ আছুৰঃ ৰক্ষাকৱচ নোপোৱালৈকে নহয় ক্ষান্ত

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ঐতিহাসিক অসম আন্দোলনৰ পাছত ১৯৮৫ চনৰ ১৫ আগষ্টত সম্পাদিত অসম চুক্তিয়ে ৩৬ বছৰ সম্পূর্ণ কৰি ৩৭ বছৰত ভৰি দিয়াৰ মুহূর্তত চুক্তিখন কার্যকৰী নোহোৱাত সদৌ অসম ছাত্র সন্থাই তীব্র ক্ষোভ প্রকাশ কৰিছে আৰু অসম চুক্তিৰ প্রতিটো দফা সময় নির্ধাৰিত কর্মসূচীৰে কার্যকৰী কৰিবলৈ শীঘ্রে সকলো ধৰণৰ ফলপ্রসূ পদক্ষেপ ল’বলৈ কেন্দ্রীয় চৰকাৰ তথা অসম চৰকাৰক দাবী জনাইছে৷

ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই বিষয়ত প্রকাশ কৰা এটা বিবৃতিত ক্ষোভেৰে কয়– অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ স্থায়ী সমাধানৰ একমাত্র উপায় অসম চুক্তিৰ যোৱা ৩৬ বছৰে ৰূপায়ণ নহ’ল৷ যোৱা ৩৬ বছৰত দিল্লী আৰু দিছপুৰত সকলো দলৰ চৰকাৰে শাসন কৰিলে৷ কোনেও সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে অসম চুক্তি ৰূপায়ণৰ ফলপ্রসূ পদক্ষেপ নল’লে৷ ৩৬ বছৰে অসম চুক্তি ৰূপায়ণ নকৰাৰ ফলতেই অসম আন্দোলনৰ সময়তকৈ বর্তমান অসমৰ জ্বলন্ত বিদেশী সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ অসম চুক্তিৰ মূল দফা অনুসৰি অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কর্তন, বহিষ্কাৰৰ ব্যৱস্থা কৰা নহ’ল৷ ভাৰত–বাংলাদেশ সীমান্ত আজিও সুৰক্ষিত নহ’ল৷ সীমান্তত অসম পুলিচৰ দ্বিতীয় শাৰীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা নহ’ল৷ ভাৰত–পাকিস্তান সীমান্ত যুদ্ধকালীনভাৱে সুৰক্ষিত কৰা চৰকাৰে ভাৰত–বাংলাদেশৰ অসম ছেক্টৰত জল আৰু স্থল ৩৭২ কিলোমিটাৰ সীমান্ত যোৱা ৩৬ বছৰে সুৰক্ষিত কৰিব নোৱাৰিলে কিয়? ভাৰত–বাংলাদেশ সীমান্ত ৩৬ বছৰে সুৰক্ষিত কৰিব নোৱাৰাটো চৰকাৰৰ এক অক্ষমণীয় কার্য৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনাৰ পাছতো অবৈধ বাংলাদেশী বিতাড়নৰ বাবে ভাৰত চৰকাৰ, বাংলাদেশৰ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন নোহোৱাটো চৰকাৰৰ আন্তৰিকতাহীতাৰ প্রতিফলন৷ অসম চুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়া চলিছিল৷ প্রথমবাৰৰ বাবে এটা নির্দিষ্ট পদ্ধতিৰ জৰিয়তে এই কাম সম্পাদন হৈছিল৷ উভয় চৰকাৰে আন্তৰিকতাৰে উচ্চতম ন্যায়ালয়ৰ নির্দেশনামর্মে অবৈধ বিদেশীৰ নামমুক্ত শুদ্ধ উন্নীত নাগৰিকপঞ্জী প্রস্তুতিত আত্মনিয়োগ নকৰিলে৷ নাগৰিকপঞ্জীৰ শেহতীয়া ফলাফলত ছাত্র সন্থা সুখী নহয়৷ পুংখানুপুংখ পৰীক্ষাৰ বাবে ছাত্র সন্থাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে৷ উচ্চতম ন্যায়ালয়ত চৰকাৰে এতিয়াও আবেদন কৰা নাই৷ অসম চুক্তিমর্মে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ’বই লাগিব৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শর্মাৰ অধ্যক্ষতাত উচ্চস্তৰীয় কমিটী গঠন কৰিছিল৷ কমিটীয়ে সময়মতে প্রতিবেদন দাখিল কৰিছিল৷ প্রতিবেদন দাখিল কৰা এবছৰৰো অধিক সময় হ’ল৷

প্রতিবেদন পালেই সম্পূর্ণকৈ কার্যকৰী কৰিম বুলি প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে অসমৰ ৰাইজক প্রতিশ্রুতি দিছিল৷ প্রতিবেদন ডাঢ়ি, কমাসহ কার্যকৰী কৰিম বুলি কৈছিল৷ প্রতিশ্রুতি ৰক্ষা নহ’ল৷ অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ লাগিবই৷ উচ্চস্তৰীয় কমিটীৰ সকলো পৰামর্শ কার্যকৰী হ’বই লাগিব৷ ৰক্ষাকৱচ নোপোৱালৈকে ছাত্র সন্থা ক্ষান্ত নহয়৷ অসম চুক্তিৰ ৭নং দফা অনুসৰি অর্থনৈতিক উন্নয়ন সম্পর্কীয় পৰামর্শাৱলী কার্যকৰী নহ’ল৷ বান–খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰা নহ’ল৷ অসমৰ সম্পদৰ ওপৰত অধিকাৰ নিশ্চিত কৰা নহ’ল৷ নুমলীগড় শোধনাগাৰত অসম চৰকাৰৰ ২৬ শতাংশ অংশীদাৰিত্ব, শোধনাগাৰটোৰ সম্প্রসাৰণৰ সিদ্ধান্ত ইতিবাচক৷ গেছ ক্রেকাৰ প্রকল্পৰ পৰা অসমত ভটিয়নী উদ্যোগ স্থাপনৰ ব্যৱস্থা এতিয়াও হৈ উঠা নাই৷ যোৱা ৭ বছৰত প্রধানমন্ত্রী স্তৰত এবাৰো অসম চুক্তি ৰূপায়ণ সম্পর্কত আলোচনা নহ’ল৷ গৃহমন্ত্রী স্তৰত মাত্র এবাৰ আলোচনা হৈছিল৷ অসম চৰকাৰে যোৱা ৫ বছৰত এই বিষয়ত কোনো উদ্যোগ নল’লে৷ বর্তমান চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রীয়ে দায়িত্ব লৈয়েই শ্বহীদ ভৱনলৈ আহি আন্তৰিকতা প্রকাশ কৰিছে৷ ফলাফল পালেহে ছাত্র সন্থা আশ্বস্ত হ’ব৷ অসমত খিলঞ্জীয়া মানুহৰ প্রভুত্ব, নিয়ন্ত্রণ তথা সর্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ হাতত নির্ণায়ক অধিকাৰ থাকিব লাগিব৷ ইয়াৰ একমাত্র উপায় অসম চুক্তি ৰূপায়ণ৷

You might also like