নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ ১৯১টা ধৰ্মীয় অনুষ্ঠানলৈ ‘অসম দৰ্শন আঁচনি’ৰ ২.৫ লাখৰ অনুদান

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ ‘অসম দৰ্শন আঁচনি ২০২০-২১ৰ অধীনত আজি চিৰাং জিলাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়।

জিলা প্ৰশাসনৰ উদ্যোগত কাজলগাঁওস্থিত ৰবৰ বোৰ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত বিয়লি ৩ বজাত অনুষ্ঠিত ‘অসম দৰ্শন আঁচনি ২০২০-২১’ৰ অধীনত জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ তালিকাভুক্ত  বাথৌ মন্দিৰ, নামঘৰ, সত্ৰ, মঠ আদি ১৯১টা ধৰ্মীয় অনুষ্ঠানক এককালীন অনুদান প্ৰদান অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি আৰু বিশিষ্ট অতিথি ক্ৰমে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে উপস্থিত ৰাইজৰ আগত নিজৰ নিজৰ বক্তব্য ৰাখি চৰকাৰৰ বিভিন্ন জনকল্যাণ মূলক আঁচনিৰ আভাস দাঙি ধৰে।

আজিৰ অনুষ্ঠানতে নিৰ্বাচিত ১৯১টা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত ২০টা ধৰ্মীয় অনুষ্ঠানক ২.৫ লাখ(আঢ়ৈ) টকাৰ চেক প্ৰদান কৰা হয়। বাকী থকা ধৰ্মীয় অনুষ্ঠানসমূহক পৰৱৰ্তী অন্য দিনত কাজলগাঁওস্থিত বিভাগীয় কাৰ্যালয়ত প্ৰদান কৰা হ’ব বুলি জিলা উপায়ুক্ত গৌতম তালুকদাৰে উপস্থিত ৰাইজক জানিবলৈ দিয়ে।

You might also like