উন্নয়নমূলক কামে ভাৰতৰ বুকুত জিলিকাই তুলিছে অসমকঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ কার্বি আংলঙৰ বোকাজানত শুকুৰবাৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত হৈ সমষ্টিটোৰ তিনিখন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শুভ উদ্বোধনী কার্যসূচীত অংশগ্রহণ কৰে৷ বিয়লি ২ বজাত বোকাজানৰ হাংজাংলাংছ’ খেলপথাৰৰ অস্থায়ী হেলীপেডত অৱতৰণ কৰাৰ পাছতে তেওঁক বিভিন্নজনে ফুলৰ তোৰা, গামোচা, চেলেং, কার্বি পহ’ৰে উষ্ম আদৰণি জনায়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে পোনে পোনে বোকাজান নগৰৰ মাজমজিয়াতে থকা বোকাজান কলাক্ষেত্র নতুনকৈ নির্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে৷ এই আধাৰশিলা স্থাপনৰ পাছতে বোকাজানৰ সৰিয়হজানত ইতিমধ্যে কার্যক্ষম হৈ থকা ৩৩ কেভিৰ বিদ্যুৎ উপ–কেন্দ্রৰ শুভ–উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্রীগৰাকীয়ে বোকাজানৰ জিলাংছ’ গাঁৱত নির্মাণ কৰিবলগীয়া আদর্শ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ তাৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে পোনে পোনে বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা মূল সভাগৃহত উপস্থিত হয়হি৷ স্থানীয় বিধায়ক নোমল মমিনে আদৰণী ভাষণ আৰু কার্বি পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পার্বত্য উন্নয়ন মন্ত্রী ছুম ৰংহাঙে পাহাৰীয়া জিলাখনৰ উন্নয়নমূলক বক্তব্য ৰখাৰ পাছতে মুখ্যমন্ত্রীগৰাকীক বিভিন্ন জাতি–জনগোষ্ঠীৰ পৰম্পৰাগত উপহাৰেৰে উষ্ম আদৰণি জনায়৷ উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে বোকাজান বিধানসভা সমষ্টিৰ বিভিন্ন ক্ষেত্রত বিশেষ পাৰদর্শিতা প্রদর্শন কৰিবলৈ সক্ষম হোৱা ২২গৰাকীকৈ লোকক শৰাই, ফুলাম গামোচা আৰু জাপিৰে মুখ্যমন্ত্রীগৰাকীয়ে সম্বর্ধনা জনায়৷ সভাত নিজৰ ভাষণ আগবঢ়াই মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ বুকুত বিভিন্ন জাতি–জনগোষ্ঠীক লৈ বৃহত্তৰ এখন সমাজ ভাৰতৰ বুকুত জিলিকি উঠাৰ মূল কাৰণ হৈছে অসমত বিজেপি মিত্রজেজাটৰ চৰকাৰখনে কৰা উন্নয়নমূলক কাম–কাজ আৰু সমন্বয়ৰ বাবে৷ শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ, ৰাস্তা–পদূলিৰ উন্নয়ন হৈ অসমে দোপতদোপে উন্নয়নৰ জখলাত উঠি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছৰ দিনত অতি জৰাজীর্ণ হৈ পৰা ৰাস্তা–পদূলি নির্মাণ কৰি আজি ৰাইজক যাতায়াত আৰু যোগাযোগৰ সুবিধা কৰি দিছে বিজেপিৰ মিত্রজেজাটৰ চৰকাৰখনে৷ আজি অসমৰ ৩৬ খন জিলাই কেন্দ্র আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা অভিলাষী আঁচনি লাভেৰে ক্ষিপ্র উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ ইপিনে কার্বি আংলঙক পর্যটনৰ এক লেখত ল’বলগীয়া স্থান হিচাপে গঢ়ি তুলিবলৈও মুখ্যমন্ত্রীগৰাকী বদ্ধপৰিকৰ বুলি তেওঁ আজিৰ সভাতে ঘোষণা কৰে৷