অসম আন্দোলনৰ নেতা আব্দুল ছামাদৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, 28 ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰ পৌৰসভাৰ অন্তৰ্গত 9নং ৱাৰ্ডৰ বাসিন্দা অসম আন্দোলনৰ নেতা আব্দুল ছামাদৰ কালি সন্ধিয়া নিজা বাসভবনত দেহাৱসান ঘটে। 1948চনত চাপৰ কাজিপাৰা গাঁৱত জন্ম গ্ৰহণ কৰি চাপৰতে স্কুলীয়া জীৱনৰ পাতনি মেলি চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ চেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই খাদ্য আন্দোলন,মাধ্যম আন্দোলনৰ লগত জড়িত হৈ পিছত অসম আন্দোলনত জপিয়াই পৰি নামনি অসমত অবিভক্ত গোৱালপাৰা জিলাত আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। পিছত অসম গন পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।পৰবৰ্ত্তী সময়ত 1989চনত গঠন হোৱা চাপৰ নগৰ সমিতিৰ ৱাৰ্ড কমিচনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। চিৰকুমাৰ আব্দুল ছামাদে বৃহত্তৰ কাজিপাৰা গাঁৱৰ সভাপতি হিচাপে সেৱা আগবঢ়োৱা ছামাদে চাপৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল। কালি সন্ধিয়া তেওঁৰ মৃত্যুৰ বাতৰি বিয়পাৰ লগে লগে অসংখ্য গুণমুগ্ধ ভিৰ কৰে। আজি দুপৰীয়া কাজিপাৰা কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত কাজিপাৰা সমাজ কমিটীৰ সভাপতি সম্পাদক ক্ৰমে পিয়াৰ উদ্দিন আহমেদ আৰু বদিউৰ জামান, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ,মুখপাত্ৰ জিয়াউৰ ৰহমান, প্ৰাক্তন সাংসদ আব্দুল হামিদ, প্ৰাক্তন বিধায়িকা গুল আখতাৰা বেগম,প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী,প্ৰাক্তন বিধায়ক প্ৰশান্ত বৰুৱা, চাপৰ প্ৰেছ ক্লাৱ,আছু, আক্রাছু, আছা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি আতিকুল হুছেইন বৰা, অসম জাতীয় পৰিষদৰ নেতা চুৰত আলী সেখ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হেৰম্ব কলিতা, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক প্ৰসাদ, কেএচিৰ ই,এম জীবেশ ৰায়, অসম গণ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ লগতে বহুত দল সংগঠনে গভীৰ দুখ প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
প্ৰেৰক আতিকুল হুছেইন