নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত কৃত্ৰিম বানত মৃত্যু এজনৰ

নিয়মীয়া বাৰ্তা, ২৭মে: কৃত্ৰিম বানত এগৰাকী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি শোকাকুল পৰিবেশ সৃষ্টি হয় ছিপাঝাৰৰ বৰদৌলগুৰিত।

ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কবেইচুবা গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী তীৰ্থ মেধী আজি কৃত্ৰিম বানত মৃত্যু হয় ।

ঘটনাৰ বিৱৰণী মতে, বৰদৌলগুৰি চ’ক এখন সৰু দোকানেৰে জীৱন নিৰ্বাহ কৰা দুটি সন্তানৰ পিতৃ তীৰ্থ মেধীয়ে আজি কলৰ ভূঁৰ লৈ ওলাই গৈছিল । হঠাতে পানীৰ সোঁতত ভূঁৰৰ পৰা ছিটিকি পানীত পৰি যায় । দ পানীত সাঁতুৰিব নজনাৰ ফলত সলিল সমাধি ঘটে তীৰ্থ মেধীৰ । উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুটি সন্তান এৰি থৈ যায় । ঘটনাটোৱে বৰদৌলগুৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে।

You might also like