নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানৰ জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগলৈ অসম চৰকাৰৰ সাংবাদিক পেন্সন

বোকাজান প্রেছ ক্লাব, বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ আদৰণি, অভিনন্দন

নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ তথ্য আৰু জনসংযোগ বিভাগৰ অধীনত অসম চৰকাৰৰ সাংবাদিকসকলৰ পেন্সন আঁচনিৰ অধীনত ২০২০-২০২১ বর্ষৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ ২০ গৰাকীকৈ অৱসৰপ্রাপ্ত সাংবাদিকক নির্বাচিত কৰা হৈছে৷ এই সকলৰ ভিতৰত পাহাৰীয়া জিলা কার্বিআংলঙৰ বোকাজান মহকুমাৰ জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগ নির্বাচিত হোৱাত বোকাজানৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন, জ্যেষ্ঠ নাগৰিক সমাজ, সাহিত্যানুৰাগী ব্যক্তি বিশেষ তথা ৰাইজে যথেষ্ট সন্তোষ প্রকাশ কৰিছে৷ উল্লেখ্য যে বোকাজানৰ ১ নং ৱার্ডৰ মাধৱপুৰ গাঁৱৰ বাসিন্দা তথা প্রয়াত সোণাৰাম নেওগৰ পুত্র থানেশ্বৰ নেওগে ১৯৭২ চনতে দৈনিক জনমভূমি কাকতত পশু চিকিৎসা কেন্দ্রৰ দুর্নীতিৰ বিৰুদ্ধে এখন চিঠি প্রকাশ হোৱাৰ পাছৰে পৰা বর্তমানলৈকে দৈনিক জনভূমি কাকতত বাতৰি পৰিৱেশনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে৷

১৯৯৪ চনৰ পৰা একেৰাহে আজিৰ সংবাদ কাকততো সাংবাদিকতা কৰি আহিছে৷ ইয়াৰ উপৰি গুৱাহাটীৰ পৰা প্রকাশিত আজিৰ দৈনিক বাতৰি কাকতত ১৯৯৯ৰ পৰা কেইবা বছৰ ধৰি সংবাদ সেৱা আগববাই আহিছে৷ প্রয়াত যতীন্দ্রনাথ বৰগোহাঞিৰ সম্পাদিত নতুন দৈনিক কাকতত ১৯৯৪ৰ পৰা কেইবা বছৰ ধৰি বোকাজানৰ পৰা বাতৰি পৰিৱেশন কৰি আহিছে নেওগে৷ আনহাতে যোৰহাটৰ পৰা প্রকাশিত সাপ্তাহিক জনমভূমি, আমাৰ অসম, প্রয়াত পৰাগ কুমাৰ দাসৰ সম্পাদিত অধুনালুপ্ত সাপ্তাহিক বুধবাৰ, ডিফুৰ পৰা ১৯৮৯ চনত প্রকাশিত সাপ্তাহিক পাহাৰীদূত, ১৯৯৪ৰ নিয়মীয়াকৈ ২৩ বছৰ ধৰি দৈনিক জন্মভূমিত সেৱা আগববাই আহিছে থানেশ্বৰ নেওগে৷ ইয়াৰ উপৰি ১৯৯৪ৰ পৰা ২০১৬ ৰ ১৫ আগষ্টলৈকে দৈনিক অসম, ২০০২ বর্ষৰ পৰা ১৪ বছৰ ধৰি অসমীয়া প্রতিদিন, এবছৰৰো অধিক কাল দৈনিক প্রতিবেদন, গুৱাহাটী আৰু যোৰহাটৰ পৰা প্রকাশিত অসমীয়া খবৰ, ডিফুৰ পৰা প্রকাশিত তথা দিলীপ কুমাৰ ডেকা আৰু প্রবীণ সাংবাদিক নগেন বৰাৰ সম্পাদিত সাপ্তাহিক চেতনা, ফেৰাংকে, গুৱাহাটী আৰু ডিব্রুগডৰ পৰা প্রকাশিত দৈনিক জনসাধাৰণ কাকতত নিয়মীয়াকৈ সংবাদ সেৱা আগববাইছিল নেওগে৷

লক্ষণীয় কথা থানেশ্বৰ নেওগে সাংবাদিকতাৰ উপৰি বহু সামাজিক কাম–কাজত ওতপ্রোতভাৱে জডিত হৈ আহিছে৷ বিশেষকৈ ২০১০ৰ পৰা ২০১৫ বর্ষলৈকৈ বোকাজান সাহিত্য সভাৰ সভাপতি হৈ থকাৰ কালছোৱাত বোকাজান সাহিত্য সভাৰ ভৱন নির্মাণ, বিশ্ববৰেণ্য শিল্পী ডঙ্ম ভূপেন হাজৰিকাৰ ব্রঞ্জৰ আৱক্ষ মূর্তি প্রতিষ্ঠা, ভূপেন হাজৰিকাৰ ব্রঞ্জৰ আৱক্ষ মূর্তিৰ কাষতেই আটকধুনীয়াকৈ ভূপেন হাজৰিকা সোঁৱৰণী সাংসৃক্তিক ভৱন নির্মাণ কৰি বোকাজানৰ সমাজ জীৱনলৈ উল্লেখনীয় অৱদান আগববাই আহিছে থানেশ্বৰ নেওগে৷ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে সাংবাদিকতাৰ এই দীঘলীয়া পৰিক্রমাৰ সময়ছোৱাত তেওঁ বহুকেইটা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ ২০১৯ত দুর্নীতি বিৰোধী যুৱ শক্তি, অসমৰ দ্বাৰা দুর্নীতি বিৰোধী শূন্য সহনশীল বিশেষ বঁটা লাভ কৰে৷ যোৰহাটৰ কলা–সাংসৃক্তিক গোষ্ঠীৰ দ্বাৰা সমাজ সৌৰভ বঁটা, ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি দুজন শীর্ষ আৰক্ষী বিষয়াৰ পৰা নগদ ধনেৰে পুৰসৃক্ত, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কার্বিআংলং জিলা সমিতিৰ দ্বাৰা দুবাৰকৈ বিশেষ সম্বর্ধনা বঁটা, আছুৰ দ্বাৰা চিচিআই খেলপথাৰত অনুষ্ঠিত কলা গুৰু বিষ্ণু প্রসাদ ৰাভাৰ দিৱসত বিশেষভাৱে সম্বর্দ্ধিত, পাহাৰীদূত কাকতৰ দ্বাৰা শ্রেষ্ঠ সাংবাদিকতাৰ বঁটা, বোকাজান পেচিফিক ছচাইটিৰ দ্বাৰা দুবাৰকৈ বিশেষভাৱে সম্বর্দ্ধনা, বঁটা লাভ, বোকাখাতত অনুষ্ঠিত সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনত প্রয়াত ৰাধিকামোহন ভাগৱতীৰ দ্বাৰা সম্বর্দ্ধনা আৰু প্রশংসা লাভ কৰিছে থানেশ্বৰ নেওগে৷

উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগে সাংবাদিক পেন্সন লাভ কৰাত বোকাজানৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে বোকাজান প্রেছ ক্লাবৰ সভাপতি প্রকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এক বিবৃতি যোগে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে নেওগক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷

You might also like