নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মাইক্ৰ’ ফাইনেঞ্চ উদগনি-সকাহ আঁচনিৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : নগাঁৱত প্রায় ৫৬ হাজাৰ মহিলাক মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই দিয়াৰ লগতে দেওবাৰে ৬ হাজাৰ মহিলাক চেক বিতৰণ কৰে ৰাজ্য চৰকাৰে । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি প্রায় চাৰে আঠ হাজাৰ কোটি টকা অসমৰ বাজেটৰ পৰা মোকলাই দিয়ে বিত্ত বিভাগে ।

আজি নগাঁৱৰ নেহৰুবালিত ছয় হাজাৰ মহিলাক চেক বিতৰণ কৰে জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আনহাতে নগাঁৱত মন্ত্ৰী পীয়ূষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে অসমৰ প্ৰত্যেকখন জিলাত মেডিকেল কলেজ স্থাপন কৰিব ৰাজ্য চৰকাৰে ।

আনহাতে ড্ৰাগছ বেপাৰী, গঁড় চিকাৰীৰ বিৰুদ্ধে আৰু কঠোৰ হব বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই ভাষণত কয় । ইফালে নগাঁৱৰ কলং অতি সোনকালে বব হব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মন্তব্য কৰে ।

প্ৰেৰক কনক হাজৰিকা

You might also like