নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট : চিআইডিৰ জালত ধুবুৰীৰ যুৱক

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট প্ৰদানেৰে অসম আৰক্ষীৰ সাম্প্ৰতিক নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা ধুবুৰীৰ এগৰাকী প্ৰাৰ্থীকে ধৰিকে প্ৰাৰ্থীগৰাকীক ভুৱা চাৰ্টিফিকেট যোগান ধৰা অইন এগৰাকী ব্যক্তিকো যোৱানিশা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ নিযুক্তি পৰীক্ষাত ভূয়া কম্পিউটাৰ চাৰ্টিফিকেটেৰে অৱতীৰ্ণ হোৱা বুলি নিশ্চিত হোৱাৰ পিছত চিআইডিৰ এক গোচৰ মৰ্মে দুয়োকে আৰক্ষীয়ে আটক কৰা বুলি প্ৰকাশ। চিআইডিৰ অথৱা আৰক্ষীয়ে বিষয়টোলৈ এতিয়ালৈ আনুষ্ঠানিক ভাৱে একো সদৰি কৰা নাই যদিও জানিব পৰা মতে, ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ৰৌওৱা তৃতীয় খণ্ড অঞ্চলৰ মিৰ্জা গালিব নামৰ যুৱকজনে অসম আৰক্ষীয়ে সম্প্ৰতি অনুষ্ঠিত ৰৰা নিযুক্তিকৰণ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু পিছলৈ গৈ উত্তীৰ্ণ হোৱা সেই যুৱকজনে প্ৰদান কৰা কম্পুউটাৰ চাৰ্টিফিকেটটো ভূয়া বুলি উন্মোচিত হয় আৰু যুৱকজনে স্ব্যক্তিগত খণ্ডৰ কোনো প্ৰতিষ্ঠানত কম্পিউটাৰৰ প্ৰশিক্ষকৰূপে কৰ্মৰত তথা ধুবুৰী চহৰৰ ১২নং ৱাৰ্ডৰ ৰাজু ঠাকুৰ নামৰ অইন এজন যুৱকে সেই চাৰ্টিফিকেট প্ৰদান কৰা বুলি স্বীকাৰোক্তি দিয়ে। এই গোটেই ঘটনা সন্দৰ্ভত চিআইডিয়ে ধুবুৰী সদৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ। সেই এজাহাৰ মৰ্মে আৰক্ষীয়ে যোৱানিশা দুয়োকে কৰায়ত্ত কৰি চিআইডিক গতাই দিয়া বুলি প্ৰকাশ। উল্লেখ্য যে নাগৰীক পঞ্জী উন্নতিকৰণ (এনআৰচি)ৰ সময়তো স্থানীয় একাংশ মহলে এছামে ভূয়া নথীপত্ৰেৰে নিজৰ নিজৰ নাম বংশবৃক্ষৰ তালিকাত সন্নিৱিষ্ট কৰিবলৈ জালিয়াতিৰ আশ্ৰয় লোৱা বুলি সন্দেহ কৰাৰ সমান্তৰালকৈ ধুবুৰীৰে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা বিভিন্ন কম্পুউটাৰ চেন্টাৰ আৰু ইন্টাৰনেট কাফেবোৰৰ কৰ্মকাণ্ডৰ ওপৰত প্ৰশাসনিক নিয়ন্ত্ৰণ আছে নে নাই সেই প্ৰশ্নও উত্থাপিত হৈছিল। এনে প্ৰেক্ষাপটত, কেৱল সাম্প্ৰতিক অসম আৰক্ষী নিযুক্তিকৰণ পৰীক্ষাই কেৱল মহয়; এক বহল পৰিসৰত বিষয়টো লৈ ভালদৰে খৰচি মাৰি উচ্চ পৰ্য্যায়ৰ তদন্তই মাটি খান্দোতে কেঁচুৰ ঠাইত সাপ ওলোৱাৰ সম্ভাৱনাও ন্যুই কৰা নাই ভূৰখা একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like