নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ SIৰ লিখিত পৰীক্ষা বাতিলৰ পিছত চাকৰি প্ৰত্যাশীৰ হুমুনিয়াহ!

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত আজি অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষা পুনৰ অনাকাংক্ষিত পৰিস্থিতিত প্ৰশ্ন কাকত ছচিয়েল মিডিয়াত ফাদিল হোৱাৰ পিছতে ক্ষোভত মৰিগাঁও জিলাৰ নিবনুৱা যুৱক-যুৱতী।

উল্লেখ্য পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পিছতে অসম আৰক্ষীৰ ৰিকুইটমেণ্ট বৰ্ডে পৰীক্ষা বাতিলৰ ঘোষণা কৰাৰ পিছতে হতাশাত ভাঙি পৰা চাকৰি প্ৰাৰ্থী সকলৰ মাজত পৰিলক্ষিত হয় অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি। এগৰাকী মহিলা পৰীক্ষাৰ্থীৱে কয় যে অসম চৰকাৰৰ চাকৰিৰ দ্বাৰা ভাত খোৱাৰ কথা আৰু নাভাবো।

পুৱাতে বিভিন্ন অঞ্চলৰ পৰা অহা যুৱক যুৱতী সকলে কয়  এটা পৰীক্ষাও সূচাৰুভাৱে অনুষ্ঠিত কৰিব নোৱাৰা অসম চৰকাৰ আৰু গৃহ বিভাগে চৰম দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিছে।

You might also like