১৪ অক্টোবৰত চিনেমাগৃহত নতুন অসমীয়া ছবি “মোৰ শেষ গান” : দৌলাশালত প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ অহা ১৪ অক্টোবৰত ছবিগৃহলৈ আহিব অসমীয়া বোলছবি “মোৰ শেষ গান”। শাৰদীয় দুৰ্গাপূজা চলি থকাৰ মাজতে “মোৰ শেষ গান” এই বোলছবিখনৰ প্ৰচাৰৰ বাবে “মোৰ শেষ গান”ৰ পৰিয়ালবৰ্গ সোমবাৰে মহাঅষ্টমীৰ সন্ধিয়া উপস্থিত হয় নলবাৰীৰ দৌলাশালস্থিত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত দুৰ্গাপূজা স্থলীত। মহাঅষ্টমীৰ সন্ধিয়া অগণন ভক্তৰ উপস্থিতিত আৰক্ষী বাহিনীটোৰ প্ৰেক্ষাগৃহত বোলছবিখনৰ প্ৰচাৰ চলায় পৰিচালক প্ৰবাল বৰুৱা, প্ৰযোজক- বিজয় দুৱৰা, সহ-প্ৰযোজিকা প্ৰিয়ংকা বৰুৱা আৰু অভিনেত্ৰী সৃজনী ভাস্ব মহন্তই। চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক উজ্বল প্ৰতিম বৰুৱাই বোলছবিখনৰ লগত জড়িত পৰিচালক-প্ৰযোজক, কলা- কুশলী আৰু অভিনেত্ৰীক আদৰণি জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ছবিখনৰ প্ৰচাৰ অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সচিব তথা বাহিনীটোৰ অধিনায়ক উজ্জ্বল প্ৰতিম বৰুৱাৰ সহধৰ্মিণী সুৰঞ্জনা সেনাপতি বৰুৱা। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে প্ৰবাল বৰুৱাই। সংলাপ আৰু গীত লিখাৰ উপৰিও প্ৰযোজনা কৰিছে বিজয় দুৱৰাই। ছবিখনৰ সংগীত অজয় সিংঘৰ। শব্দ ব্যৱস্থাপনাত আছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম। ছবিখনৰ লগত মুম্বাইৰ কলা-কুশলী জড়িত হৈ আছে। চিনেমাগ্ৰাফাৰ অৰুণ ৱাৰ্মা, সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয় জড়িত হৈছে চিনেমাখনত। তিনিওজন পুনেৰ এফ টি আইত চিনেমাৰ শিক্ষা গ্ৰহণ কৰা মুম্বাইৰ সুপ্ৰতিস্থিত ব্যক্তি।ছবিখনত অভিনয় কৰিছে অসমৰ ন-পুৰণি বহুতো শিল্পীয়ে। জনপ্ৰিয় তথা সুপ্ৰতিস্থিত শিল্পী অৰুণ নাথ আৰু মৃদুলা বৰুৱাই দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। জনপ্ৰিয় অভিনেতা কোমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰতিভা চৌধুৰী, ৰনাল্ড হুছেইন, অচিন্ত শঙ্কৰ, প্ৰণৱজ্যোতি বৰ্মন, প্ৰবীন দত্ত আৰু কৌশিক নাথেও অভিনয় কৰিছে ছবিখনত। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্তই। অভিনেত্ৰী সৃজনী ভাস্ব মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে “চিনেমাখনৰ আচল হিৰো হৈছে কাহিনীটোহে , কোনো চৰিত্ৰ নহয়। কাহিনীটো বৰ ধুনীয়া। কাহিনীটোত সকলোৱেই কোনোবা নহয় কোনোবাখিনি ঠাইত নিজক বিচাৰি পাব। ইয়াত দৰ্শকে নৱৰস পাব। ইয়াত প্ৰেম-ভালপোৱা, হিংসা-হিংসী , কাজিয়া- অভিমান, অহংকাৰ, আশংকা, ভয় এই সকলো ধৰণৰ ৰস দৰ্শকে পাব। বৰ কষ্ট আৰু মৰমেৰে বনোৱা এখন চিনেমা মোৰ শেষ গান। দৰ্শকে চিনেমাখন চাই নিশ্চয় ভাল পাব বুলি ভাবিছোঁ।” ছবিখনৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে। আয়ান আলি বাঙ্গাশ্বই শীৰ্ষ গীতটি সৰোদত বজাইছে। আয়ান হ’ল প্ৰথম অসমীয়া ছবি জয়মতীত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু বিশ্ববিশ্ৰুত সৰোদ বাদক আমজাদ আলী খানৰ পুত্ৰ। দুটা জ্যোতি সংগীতো আছে ছবিখনত। কন্ঠদান কৰিছে দীপলিনা ডেকা আৰু ৰিচিত্ৰা শৰ্মাই। অহা ১৪ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহতে “মোৰ শেষ গান” ছবিখনে মুক্তিলাভ লাভ কৰিব । পৰিয়ালৰ আটাইয়ে একেলগে বহি উপভোগ কৰিব পৰা এই ছবিখন চাবলৈ প্ৰতিগৰাকাৰী ব্যক্তিকে আহ্বান জনাইছে অভিনেত্ৰী, কলা-কুশলী, পৰিচালক, প্ৰযোজকে। উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবেলিও জাকজমকতাৰে দুৰ্গোৎসৱ উদযাপন কৰে দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীয়ে।
প্ৰেৰক তফিকুৰ ৰহমান