নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাৰ্মাচীলৈ গৈ নিজেই ঔষধ কিনি খোৱাটো শৰীৰৰ বাবে ভয়াৱহ : নৰেশ কলিতা

নিময়ীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ :‌ বৰ্তমান নাগৰিক সকলৰ মাজত স্বাস্থ্য সজাগতা যথেষ্ট বাঢ়িছে। এতিয়া তথ্য প্ৰযুক্তিৰ যুগ। যিকোনো ঔষধৰ ভালবেয়া দিশ নেটত চাৰ্চ কৰিলেই পোৱা যায়। এই মন্তব্য নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ। আজি বিশ্ব ফাৰ্মাচী দিৱস উপলক্ষে এচোচিয়েচন অৱ এডভান্স ফাৰ্মাচী প্ৰেকটিচনাৰৰ উদ্যোগত আজাৰাৰ এচ অ’ এচ ভিলেজত আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নৰেশ কলিতাই আৰু কয় যে আমাৰ বেছিভাগ নাগৰিকৰ মাজতে বৰ্তমান এটি মাৰাত্মক ভুল ধাৰণাই গা কৰি উঠিছে। সেইটো হল যে যিকোনো অসুখ হলেই ফাৰ্মাচীলৈ গৈ নিজে ঔষধ কিনি খায়। যিটো আমাৰ শৰীৰৰ বাবে ভয়াবহ হৈ পৰিব পাৰে। তদুপৰি যতে-ততে কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচীসমূহেও নাগৰিকৰ জীৱনলৈ আশংকা কঢ়িয়াই আনিছে। কলিতাই আৰু কয় যে প্ৰায় ২৫ বছৰৰ পিছত এচ অ এচলৈ আহি খুব সুখী হৈছো। আজি শিশুসকলৰ শৃংখলাবদ্ধতা দেখি ভাল লাগিছে। ইয়াৰ বাবে এচ অ এচৰ আই মাতৃসকলক কৃতজ্ঞতা জনায়। তদুপৰি শিশুসকলৰ উৎকৰ্ষ সাধনৰ বাবে এচ অ এচৰ যিসকল শিশুৱে গল্প,কবিতা লিখে বা ছবি আকে সেই সকল শিশুক লিখনি বা ছবিসমূহ কৰ্তৃপক্ষৰ যোগেদি নিয়মীয়া বাৰ্তা কাকতলৈ পঠাবলৈ অনুৰোধ জনায়। সেইসমূহ পৰ্যায়ক্ৰমে নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি শিশুসকলক নিয়মীয়াকৈ কাকত, আলোচনী আদি অধ্যয়ন কৰি থাকিবলৈ বিশিষ্ট সাংবাদিক নৰেশ কলিতাই আহ্বান জনায়। ফাৰ্মাচীষ্ট অজয় কুমাৰ দাসে আঁত ধৰা সভাত প্ৰাক্তন ছাত্ৰ নেতা তথা অগপৰ সম্পাদক প্ৰিন্স ফাইজুল হকে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত যতেততে গঢ়ি উঠা অবৈধ ফাৰ্মাচী আৰু ভুৱা ফাৰ্মাচীষ্টসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ এচোচিয়েচনক আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট লেখক-সমালোচক অতুল মজুমদাৰ, জ্যোষ্ঠ ফাৰ্মাচীষ্ট ব্ৰজেন কলিতা, ধ্ৰুৱজ্যোতি বৰ্মন, এচ অ এচৰ অধীক্ষক চন্দ্ৰামণি দাস, ৰফিকুল ইছলাম উপস্থিত থাকে। অনুষ্ঠানত এচ অ এচৰ শিশুসকলে নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। এচোচিয়েচনৰ তৰফৰ পৰা শিশুসকলৰ বাবে বিভিন্ন খেলৰ সামগ্ৰী প্ৰদান কৰাৰ লগতে এটি আৰ্থিক অনুদানো আগবঢ়ায়।

প্ৰেৰক অমল কলিতা

You might also like