নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুডানত ভয়াৱহ আকাশী আক্ৰমণত ২২জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৯ জুলাই : ছুডান বৰ্তমান নৰকৰ দুৱাৰসদৃশ হৈ পৰিছে। তিনি মাহ ধৰি চলা সেনা-অৰ্ধসামৰিক যুদ্ধত বহু সাধাৰণ মানুহৰ মৃত্যু হৈছে। শনিবাৰে ভয়াৱহ বিমান আক্ৰমণত কমেও ২২জন লোকৰ মৃত্যু হয়। শেহতীয়াকৈ সংঘটিত হোৱা এই আক্ৰমণ অন্যতম ভয়াৱহ আক্ৰমণ হিচাপে বিবেচিত হৈছে। ডাৰ এছ চালামৰ সমীপৱৰ্তী চহৰ ওমদুৰমানত সংঘটিত হৈছে এই আক্ৰমণ। এই আক্ৰমণত বহু লোক আহত হয়। সম্প্ৰতি পোহৰলৈ অহা এটা ভিডিঅ’ত দেখা গৈছে যে শাৰী শাৰীকৈ ৰক্তাক্ত মৃতদেহ মাটিত পৰি আছে। বহুতে বিষত ছটফটাই আছে। স্থানীয় বাসিন্দাসকলে তেওঁলোকৰ যত্ন লৈছে। দেশখনৰ সশস্ত্ৰ বাহিনীৰ দুই জেনেৰেল আব্দেল ফাত্তাহ আল বুৰহান আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৰ মাজত ছুডানৰ বৰ্তমানৰ ক্ষমতা দখলৰ যুঁজ চলি আছে। প্ৰথমজন হৈছে ছুডানৰ সেনাপ্ৰধান আৰু ২০১৯ চনৰ পৰা দেশখনৰ সৰ্বোচ্চ শাসকীয় পৰিষদৰ মুৰব্বী। দ্বিতীয়জন হৈছে দেশৰ অৰ্ধসামৰিক ‘ৰেপিড ছাপৰ্ট ফ’ৰ্চ’ৰ মুৰব্বী আৰু পৰিষদৰ সদস্য। দুয়োজন জেনেৰেলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘা, লুণ্ঠন, নিষ্ঠুৰতাত সহযোগিতা আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। ১৫ এপ্ৰিলৰ পৰা চলি থকা যুদ্ধত যুদ্ধবিৰতিৰ বাবে সন্মতি দিয়া নাই কোনোপক্ষই। যাৰ বাবে নিৰীহই প্ৰাণ হেৰুৱাইছে।

You might also like