নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটাছুৰ ৩১সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ সদৌ তাই আহোম ছাত্ৰ সন্থা আটাছুৰ ৩১ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা হয়। তাই আহোম জাতীয় সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱসটোক আটাছুৱে কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে।

অসম চৰকৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব লক্ষ্য কোঁ‌ৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাত মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাস, জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ মাতৃ, পত্নী, আটাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ উপৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি মুকলি সভাত উপস্থিত থাকে।

উগ্ৰ জাতীয়তাবাদৰ বলি হোৱা তাই আহোম জাতীয় সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈৰ স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি লক্ষ্য কোঁ‌ৱৰে কয় যে তাই আহোম জনগোষ্ঠীটোৱে একত্ৰিত ভাৱে ৰাজনৈতিক,সামাজিক,সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। ইয়াৰ বাবে আটাছুৰ নেতৃত্বক অধিক শক্তিশালী ৰূপত কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।

আজিৰ মুকুলি সভাতেই সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কৰ পৰিদৰ্শক (Inspector of taxes) বিভাগৰ স্থান দখল‌ কৰা কিমি কোঁৱৰ তথা উদীয়মান অভিনেত্ৰী বাৰবী বৰগোহাঁইক আজিৰ সভাতে এখন মানপত্ৰ, ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

You might also like