নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া আৰক্ষী থানাত মাৰাত্মক বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা,  ১০ এপ্ৰিল:- মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজি সন্ধিয়া তিনিচুকীয়া সদৰ আৰক্ষী থানাত তিনিচুকীয়া আৰক্ষীয়ে এখন সজাগতামূলক সভাৰ আয়োজন কৰে ৷ ড্ৰাগছ বিৰোধী মঞ্চৰ সদস্য জয়ন্ত বৰুৱাই সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই  ৷ পৰাগজ্যোতি বুঢ়াগোহাঁই উপস্থিতসকলক সম্বোধন কৰি কয় যে, এতিয়া মাৰাত্মক ড্ৰাগছে যুৱ প্ৰজন্মক একেবাৰে পংগু কৰি তুলিছে ৷ আৰক্ষীয়ে যিমান পাৰে ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আহিছে ৷ এই যুঁজখনত আৰক্ষীয়ে অকলে সফল হ’ব নোৱাৰে ৷ গতিকে আপোনাৰ সকলোৰে সহায়ৰ প্ৰয়োজন ৷ তাৰ পাছতে তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই কয় যে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে জিলাখনত মাৰাত্মক ড্ৰাগছৰ ভয়াবহতাৰ বিষয়ে বুজি এই ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনক সকলোকে একেলগে লৈ আগুৱাই যোৱাৰ পৰিকল্পনা কৰা হৈছে ৷ কাৰণ আৰক্ষীয়ে অপলে এয়া সফল কৰিব নোৱাৰে ৷ ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কথা এষাৰ আছে ৷ গতিকে সকলো এই যুঁজখনত মাৰ বান্ধি থিয় দিব লাগিব ৷ ইয়াত সকলোৰে সহযোগিতাৰ প্ৰয়োজন ৷ কিয়নো এতিয়া সকলোতকৈ লাভজনক ব্যৱসায় ব্যৱসায় হিচাপে চিনাক্ত হৈছে এই বৰবিহ বিধৰ ৷ গতিকে সৰবৰাহকাৰীসকলে ধনৰ লোভ দি বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীক সেৱন কৰোৱাৰ লগতে সেইসকলক ছাত্ৰছাত্ৰীৰ মাজত বিলাবলৈ এৰি দিছে  ৷ এবাৰ ইয়াৰ সোৱাদ লোৱাৰ পাছত এৰাটো সম্বৱপৰ নহয় ৷ সেয়ে এতিয়া নৱ প্ৰজন্ম একেবাৰে ধ্বংসৰ দিশে গতি কৰিছে ৷ ড্ৰাগছৰ কাৰণে আসত্ত সকলে নিজ মাতৃ পিতৃকো ধনৰ কাৰণে হত্যা কৰিছে ৷ লগতে ড্ৰাগছ আসত্ত বহুতৰ দেহট এইড্‌ছ ৰোগ চিনাক্ত হৈছে ৷ গতিকে আমি বিপদজনক অৱস্থাত আছোঁ, এতিয়া ৰাইজক একে লগত লৈ যুঁজখনত আগবাঢ়িম ৷ আপোনালোকৰ সহায়ৰ প্ৰয়োজন ৷

পৰৱৰ্তী সময়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই মন্তব্য আগবঢ়াই কয় যে, জিলাখনত সজাগতা সভাৰ কাৰণে প্ৰতিখন আঞ্চলিক সমিতি, শাখা সমিতিক সহায় সহযোগ কৰিবৰ কাৰণে জিলাৰ তৰফৰপৰা নিৰ্দেশ প্ৰদান কৰিম, আৰক্ষীক এইক্ষেত্ৰত প্ৰতিটো মূহূৰ্তত সহযোগ আগবঢ়াম ৷ বিদ্যালয় মহাবিদ্যালয়ত সজাগতা সভা আয়োজন কৰাটো আছুৰ তৰফৰ সহযোগিতা থাকিব ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতিকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে এইসন্দৰ্ভত মন্তব্য আগবঢ়াই ৷

আজিৰ সভাখনত তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈ, ড্ৰাগছ বিৰোধী মঞ্চৰ সদস্য জয়ন্ত বৰুৱা, তিনিচুকীয়া জিলা আছুৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, চহৰ পৰিদৰ্শক ভাস্কৰজ্যোতি বৰুৱা, নেচনেল চেম্বাৰ্চ অফ কমাৰ্চৰ নেতৃত্ব, সংবাদকৰ্মী, গাঁও সুৰক্ষা বাহিনীৰ লগতে বহুসংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থাকে ৷

প্ৰেৰক:-বিবেক বড়া

You might also like