নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত মহাপালনাম আৰম্ভ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ   ক’ভিডৰ ভয়াৱহতাৰ মাজতে আজিৰ পৰা পাঁচ দিনীয়াকৈ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত আৰম্ভ হৈছে পালনাম মহোৎসৱ ।

এই পালনাম মহোৎসৱত অংশগ্ৰহণ কৰিব লক্ষাধিক ভক্তই ।

ভক্তসকলৰ সকলোকে বান্ধি দিয়া হৈছে ক’ভিডৰ নীতি-নিয়ম ।
এই মহোৎসৱত মাজুলীৰ লগতে সত্ৰখনৰ বিভিন্ন প্ৰান্তত থকা ভক্তসকলে গোবিন্দৰ চৰণত এগছি বন্তি,দণ্ড,খৰছা, লোন আগবঢ়াই মনোকামনা পূৰণৰ বাবে সত্ৰখনত ভিৰ কৰেহি ।

প্ৰায় তিনিশ বছৰত ভৰি দিয়া পালমানৰ ধ্বনি আৰম্ভ হৈছে আউনীআটী সত্ৰত ।

দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে আউনীআটী সত্ৰ ।

নামৰ নৌকা প্ৰতিষ্ঠা কৰি চাৰিহাটীৰ বৈষ্ণৱসকলে পাল পাতি নামপ্ৰসংগ কৰিব ।

প্ৰতিবছৰে এই পালনামত লক্ষাধিক ভক্তই অংশগ্ৰহণ কৰে যদিও এইবাৰ ভক্তৰ সংখ্যা কমিও পাৰে কভিদৰ বাবে।

আউনীআটী সত্ৰত পাঁচ দিনীয়া পালনাম মহোৎসৱ আনহাতে সত্ৰখনৰ পালনাম মহোৎসৱক কেন্দ্ৰ কৰি অস্থায়ীভাৱে অনুষ্ঠিত হোৱা মেলাখনে পালনাম মহোৎসৱটিক অধিক আকৰ্ষণ কৰি আহিছে ।

You might also like