নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বদৰুদ্দিন আজমলৰ জৰা–ফুঁকাই বিজেপিক ৰুধিব নোৱাৰে

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  ‘কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে অসমৰ বিকাশ নহয়, বিনাশহে আনিব৷’– এই মন্তব্য প্রাক্তন মন্ত্রী তথা বিজেপিৰ ৰাজ্যিক উপ–সভানেত্রী ৰেখাৰাণী দাসবডোৰ৷ আজি পাটাছাৰকুছি সমষ্টিৰ টিহুত বিজেপিয়ে অনুষ্ঠিত কৰা ‘পৰিয়াল সম্পর্ক ৰক্ষা অভিযান’ত অংশগ্রহণ কৰি বিজেপি নেত্রীগৰাকীয়ে আৰু কয় যে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা অসমৰ বাবে অশুভ ইংগিত৷ তেওঁ কয় যে বদৰুদ্দিন আজমলৰ জৰা–ফুঁকাই কোনো কাৰণতে বিজেপিক ৰোধ কৰিব নোৱাৰে৷ তেওঁ আঞ্চলিকতাবাদ অবিহনে ৰাষ্ট্রীয়তাবাদ আৰু ৰাষ্ট্রীয়বাদ অবিহনে আন্তর্জাতিকবাদ হ’ব নোৱাৰে বুলি মন্তব্য কৰে৷ উক্ত অভিযানত বিজেপিৰ টিহু মণ্ডল সমিতিৰ সভাপতি জ্যোতিষ শর্মা, সম্পাদক জয়প্রকাশ বৈশ্য, বিজেপি নেতা দুলাল দাস, মঞ্জুলা কলিতা, হিমানী মজুমদাৰ, কল্পনা ঠাকুৰীয়া, মনোজ শর্মা, হেমন্ত কলিতা, হেমেন তালুকদাৰ আদি উপস্থিত থাকে৷ ইয়াৰ পূর্বে আজি পুৱা বিজেপি নেত্রী দাস বডোৱে বিজেপিৰ টিহু মণ্ডল সমিতিৰ উদ্যোগত পূব নামবৰভাগৰ কেইবাটাও পৰিয়ালৰে সম্পর্ক স্থাপন কৰা পৰিলক্ষিত হয়৷ উক্ত কার্যসূচীত বিজেপিৰ বাক্সা জিলাৰ সভাপতি ৰাম দাহাল, প্রভাৰী পৰমী দাস, গাঁও পঞ্চায়তৰ সভানেত্রী সুজিতা বর্মন আদি উপস্থিত থাকে৷ উল্লেখ্য যে অলপতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে টিহুৰ এখন দলীয় সভাত অংশগ্রহণ কৰি পাটাছাৰকুছি আৰু বৰমা সমষ্টিত বিজেপি দলে প্রার্থিত্ব আগবঢ়াব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে দুয়োটা সমষ্টিতে দলটোৰ স্থানীয় নেতা–কর্মীসকলে উৎফুল্ল হৈ দলীয় সাংগঠনিক কাম–কাজ ব্যাপক হাৰত আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে৷
গোসাঁইগাঁৱত চাৰি শতাধিক বিজেপিলৈ
‘বি টি আৰত ভয়–ভাবুকিৰ দিন উকলিল৷ সঁচা গণতন্ত্র প্রতিষ্ঠিত হৈছে৷ বি টি আৰত দুর্নীতি, হিংসা–বিদ্বেষৰ কোনো স্থান নাই৷ সেয়ে সকলো জাতি–জনগোষ্ঠীৰ লোকে স্বতঃস্ফূর্তভাৱে বিজেপিত যোগদান কৰিছে৷ শান্তি–সম্প্রীতিৰ বি টি আৰ যে বিজেপি চৰকাৰে আনিব পাৰিছে, সেই কথা ৰাইজে বুজিব পাৰিছে আৰু হিলদল ভাঙি বিজেপিমুখী হৈছে সকলো জাতিৰ লোকে৷’– এই ভাষ্য বিজেপিৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ সমন্বয়ক ৰঘুনাথ বসুমতাৰীৰ৷ আজি আবেলি চাৰি বজাত সমষ্টিটোৰ শিঙিবিলিত বিজেপিৰ এখন যোগদান সভাত অংশগ্রহণ কৰি তেওঁ সেইদৰে কয়৷ চৰাইবিল মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত যোগদান সভাত চাৰি শতাধিক পুৰুষ–মহিলাই স্বতঃস্ফূর্তভাৱে বিজেপিত যোগদান কৰে৷ নৱাগতসকলক দলীয় পতাকা, টুপী আৰু ফুলাম গামোচাৰে আদৰি লোৱা হয়৷ যোগদান সভাত চৰাইবিল মণ্ডল বিজেপিৰ সভাপতি নির্মল পাল, গোসাঁইগাঁও সমষ্টিৰ বিজেপিৰ প্রার্থিত্বপ্রত্যাশী জেঠমল মালু আদিয়ে বিজেপিৰ নীতি–আদর্শ সম্পর্কে সভাত বিতংকৈ কয়৷

You might also like