তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বাঘজানবাসীৰ অৱস্থান
খাদৰ জুই নিৰ্বাপন নকৰালৈকে অস্হায়ী শিবিৰ স্থাপন কৰিব উপায়ুক্ত কায্যালয়ৰ সন্মুখতে
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ বাঘজানৰ জুই নিৰ্বাপন এতিয়া এক অনিচ্ছায়তাৰ দিশত ৷ বাঘজানৰ জুইতকৈ বাঘজানবাসীৰ মনৰ মাজত জ্বলি থকা জুইকুৰা অধিক ভয়ংকৰ ৰূপ লৱলৈ গৈ আছে ৷ আজি বাঘজান দীঘলটৰং বাসীয়ে একপ্ৰকাৰ অতিষ্ঠ হৈ বাঘজানত থকাৰ কোনো অৱকাশ বিচাৰি নাপাই তিনিচুকীয়াৰ উপায়ুক্ত কায্যালয়ৰ সন্মূখত অৱস্হান গ্ৰহন কৰিছেহি ৷
বাঘজান মিলনজ্যোতি যুৱক সংঘৰ দাবী বাঘজানৰ জুই নিৰ্বাপন নকৰালৈকে আৰু বাঘজান দীঘলতৰংত মানুহ থকাৰ উপযুক্ত পৰিবেশ গঢ়ি নোতোলা পয্যন্ত বাঘজান দীঘলতৰংৰ ৰাইজে অস্হায়ি ভাৱে তিনিচুকীয়াৰ উপায়ুক্ত কায্যালয়ৰ সন্মুখতে অস্হায়ী শিবিৰ স্হাপন কৰিব বসবাস কৰিব ৷ এই বিষয়টিৰ পাছতে ক্ৰমাত বাঘজানৰ বিষয়টি অধিক জটিলতালৈ গতি কৰিছে ৷ অৱশ্যে এই মূহুত্তলৈকে বিষয়টিকলৈ জিলা প্ৰশাসনে কোনো কথা প্ৰকাশ কৰা নাই যদিও বিষয়টিয়ে জোকাৰি গৈছে জিলা প্ৰশাসনক ৷ অন্যহাতে সস্তম হৈ আছে আৰক্ষী বিভাগ ৷