বাঘজান বি জি এন -৫ ত বিঅ’পি স্হাপনৰ দ্বিতীয়টো প্ৰচেষ্টা বিফল; উত্তাপত ছিঙিল বুল লাইন
- বি অ’ পিৰ সৈতে ফ্লেঞ্জৰ শ্ৰেণীবিন্যাস (alignment) সংঘাত
- উত্তাপত ছিঙিল বুল লাইন
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : সম্পূৰ্ণ ৭৫ টা দিন অধীৰ অপেক্ষাৰ পাছত আজি বাঘজান বি জি এন-৫ ৰ অপাৰেছনৰ সফল মূহুৰ্ত লাভৰ সময়তে বি অ’ পি ষ্টেক কূপৰ শীৰ্ষৰ পৰা উঠাই আনিব লগা পৰিস্হিতিৰ উদ্ভৱ হ’ল ।
ঘটনা অনুসৰি আজি পুৱা ৯ বাজি ৫ মিনিটত এলাৰ্টৰ বিশেষজ্ঞই এথে ৱেগনৰ দ্বাৰা প্ৰায় ৩০ ফুট উচ্চতাৰ ৰাইজাৰ সহ বি অ’ পি ষ্টেক কঢ়িয়াই কূপটোৰ মুখত বহাবলৈ চেষ্টা কৰোঁতেই কূপৰ মুখত লাগি থকা ফ্লেঞ্জৰ (flange) সৈতে শ্ৰেণীবিন্যাস ( alignment) ৰ সামঞ্জস্যহীনতা ঘটিল । এই ঘটনাৰ ফলত অইল ইণ্ডিয়াৰ বি অ’ পি স্হাপনৰ দ্বিতীয়টো প্ৰচেষ্টা বিফল পৰিণত হ’ল ।
আনহাতে অপাৰেচনৰ সময়ত শ্ৰেণীবিন্যাস (alingment) মিলাই থাকোঁতে ইফালে ৯ টন ওজনৰ ৰাইজাৰসহ বি অ’ পিটো ওলমাই ৰখা এথে ৱেগনখনৰ সৈতে যুক্ত দুডাল বুল লাইনৰ (Bull line) এডাল মাত্ৰাধিক উত্তাপৰ বাবে চকেটৰ পৰা বাহিৰলৈ ওলাই আহে অৰ্থাৎ বুল লাইন ছিঙি যায় । সূত্ৰ অনুসৰি, শ্ৰেণীবিন্যাস মিলাই ফ্লেঞ্জৰ সৈতে বি অ’ পিটোৰ সংযুক্ত কৰিবলৈ প্ৰায় ৭ ঘন্টাৰ সময় আৰু ছিঙি যোৱা বুল লাইন ৱেলডিং কৰিবলৈ ৩ ঘন্টাৰ সময়ৰ প্ৰয়োজন হেতুকে বি অ’ পিটো যথাস্হানৰ পৰা নিৰাপদে আঁতৰাই সুৰক্ষিত স্হানলৈ (yard) আনিব লগা হয় । অন্যথাই উক্ত ১০ ঘন্টা সময়ত গেছ জুইৰ উত্তাপত ৰাইজাৰসহ বি অ’ পিটো নষ্ট হোৱাৰ সম্ভাৱনাই অধিক আছিল বুলি অইলৰ সূত্ৰই জানিবলৈ দিছে ।
ইফালে সম্পূৰ্ণ অভিযান চলাই আছে ছিংগাপুৰস্হিত এলাৰ্ট ডিজেষ্টাৰ কোম্পানীৰ দুই বিশেষজ্ঞ মেথিউ কৰ্নছ আৰু মাইকেল আৰ্নেষ্ট অ’লক্ৰনৰ লগতে অইল, অ’ এন জি ছি আৰু শ্লাম বাজাৰে । উল্লেখযোগ্য যে এলাৰ্ট কোম্পানীৰ দুই বিশেষজ্ঞই ক্ৰাইছিছ মেনেজমেন্টৰ এথে ৱেগনখন পৰিচালনা কৰি আহিছে । ইফালে যোৱা ২২ জুলাই দিনা গেছকূপত সংঘটিত দ্বিতীয়টো অগ্নিবিস্ফোৰণৰ ফলত কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হোৱা এলাৰ্ট কোম্পানীৰ তিনি বিশেষজ্ঞ ক্ৰমে এন্হনী ষ্টিভেন ৰেইনল্ডচ, ক্ৰেইগ নীল ডানকান, ডাউগ ড’লাচসহ আন এগৰাকী বিশেষজ্ঞ এডৱাৰ্ড মেকলিয়াৰ্ড ইতিমধ্যে স্ব-গৃহামুখী হয় । অইল ইণ্ডিয়াৰ এই দ্বিতীয়টো অভিযান বিফল হোৱাত কূপ পৰীক্ষণ কৰি পুনৰ দুই-এদিনতে তৃতীয়বাৰলৈ বি অ’ পি ষ্টেক স্হাপনৰ পৰিকল্পনা পূৰ্ণ সম্ভাৱনা আছে ।