নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল-বিভাগীয় মুৰব্বীৰ দায়িত্বহীনতাত ২ জনকৈ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাৰ অভিযোগ আটাছু আৰু মটক যুৱ ছাত্ৰ সন্মিলনৰ; তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ১২ জুন : অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ ডি জি এম আৰ বি থাকৰে আৰু সুৰক্ষা বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ সিঙৰ দায়িত্বহীনতাৰ বাবেই দুগৰাকীকৈ বিভাগীয় নিষ্ঠাবান কৰ্মচাৰীয়ে অকালতে প্ৰাণ হেৰুৱাৰ অভিযোগ উত্থাপিত হৈছে ।

তৃণমূল কৰ্মচাৰীৰ জীৱন-নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে কৰ্মচাৰী জীৱনৰ প্ৰতি দায়বদ্ধ নথকা এনে দুগৰাকী বিষয়াৰ বিৰুদ্ধে উচিত তদন্তৰ উপৰি কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বনৰ দাবী তুলিছে দুলীয়াজান আঞ্চলিক, সদৌ তাই আহোম ছাত্ৰ সন্হা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ।

দুই সংগঠনৰ নেতা আটাছু সভাপতি অৰূপ ফুকন, কাৰ্যকৰী সভাপতি কল‍্যাণ গগৈ, সাঃ সম্পাদক ৰূপম গগৈ আৰু মটক যুৱ ছাত্ৰৰ সভাপতি দিব‍্যজ‍্যোতি বৰুৱা আৰু সাঃসম্পাদক চন্দন গোহাঁইয়ে সংবাদমাধ‍্যমলৈ পৃথকে প্ৰেৰণ কৰা এক বিবৃতিত অগ্নিনিৰ্বাপক বিভাগৰ দুই বিষয়াৰ বিৰুদ্ধে স্হিতি স্পষ্ট কৰিছে ।

উল্লেখ্য যে যোৱা ৯ জুন দুপৰীয়া প্ৰায় ১.৩০ বজাত অইল ইণ্ডিয়াৰ বাঘজান বিজিআৰ-৫ ত সংঘটিত অগ্নিকাণ্ড ঘটনাৰ ফলত নিৰুদ্দেশ হৈ আছিল দুই কৰ্মৰত অগ্নিনিৰ্বাপক কৰ্মচাৰী ।

ঘটনাৰ প্ৰায় ২০ ঘন্টাৰ মূৰত এন ডি আৰ এফ বাহিনীয়ে গেছ কূপৰ কাষৰীয়া এৰাসুঁতি বিলত অভিযান চলাই দুইজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ আলমত দুইজন কৰ্মচাৰী ক্ৰমে তীখেশ্বৰ গোহাঁই আৰু দূৰ্লভ গগৈ নিৰুদ্দেশ হৈ থকাৰ অৱস্হাত পৰিয়ালৰ লোকে বিভাগীয় তৰফৰ পৰা কোনো সঠিক খবৰ লাভ নকৰি মাজনিশা তীখেশ্বৰৰ পত্নীয়ে দুলীয়াজানস্হিত অগ্নিনিৰ্বাপক বিভাগত খবৰ ল’বলৈ যোৱাৰ পাছতো ঘটনাৰ শুংসূত্ৰ দিব নোৱাৰি বৰঞ্চ আৰক্ষী পৰ্যন্ত মতাই অনাৰ অভিযোগ উত্থাপিত ।

সামগ্ৰিক ঘটনাৱলী সঠিক তদন্তৰ আওতালৈ আনি দোষীক উচিত শাস্তি বিহাৰ দাবী জনাইছে সংগঠন দুটাই । অন‍্যথাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দুই সংগঠনৰ ।

You might also like