নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটাত চৰকাৰী পৃষ্ঠপোষকতাত মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা, ৪ মে’ : “তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়চোৱাত চহৰ বা নগৰ অঞ্চলত এক তৃতীয়াংশ ব্যৱসায়ীক প্ৰতিষ্ঠান মুকলি হোৱাৰ সময়ত জনসাধাৰণ অধিক সচেতন হব লাগিব ।
সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে প্ৰতিগৰাকী লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।চৰকাৰে নিৰ্দ্ধাৰিত কৰা নীতি নিৰ্দেশনা পালন নকৰিলে আৰক্ষী প্ৰশাসনে আইনী ব্যবস্থা গ্ৰহণ কৰাৰ পূৰ্ণ অধিকাৰ আছে ।” আজি বাইহাটা চাৰিআলিত চৰকাৰী পৃষ্ঠপোষকতাত মাস্ক বিক্ৰী কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই এই মন্তব্য কৰে ।

কামৰূপ জিলা প্ৰশাসনৰ সহযোগত, অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা মাস্ক বিক্ৰী কেন্দ্ৰটো বাইহাটা চাৰিআলিৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থান চৌহদত আজিৰে পৰা ৰাইজৰ বাবে মুকলি কৰা হয় ।

কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অধীনস্থ কেইবাটাও মহিলা আত্মসহায়ক গোটে প্ৰস্তুত কৰি উলিওৱা মাস্ক সমূহ প্ৰতিটোত পঞ্চাশ টকাৰ ভিতৰত ৰেহায় মূল্যত তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰা মাস্ক সমূহৰ প্ৰতিটোত ত্ৰিশ টকাৰ ভিতৰত ৰেহায় মূল্যত বিক্ৰীৰ বাবে সাজু হোৱা বুলি জানিবলৈ দিয়ে ।

আজিৰ এই মাস্ক বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই সাংবাদিকক জানিবলৈ দিয়ে যে, তৃতীয় পৰ্যায়ৰ লক ডাউন কিছু শিথিল হোৱাৰ সময়ত জনসাধাৰণ অধিক সচেতন তথা সাৱধান হোৱাৰ সময় আহি পৰিছে । এই সময়ত সমাজৰ মংগলৰ বাবে বাহিৰলৈ ওলাই অহা প্ৰতি গৰাকী লোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো অতিকৈ প্ৰয়োজনীয় । এজন লোকৰ অসাৱধানতাৰ পৰিণাম সমূহ ৰাইজে ভোগ কৰিব লাগিব । তেওঁ এই ক্ষেত্ৰত প্ৰসাশনে কঠোৰ নীতি অবলম্বন কৰিব বুলিও উল্লেখ কৰে ।

You might also like