বালিপৰাত মৎস্য চিকাৰত ব্যস্ত ৰাইজ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ ধৰালৈ লাহে লাহে নামিছে শীত ,সমান্তৰালভাৱে শৰালিকাল । বৰষুণৰ অভাৱত এফালৰপৰা শুকাবলৈ ধৰিছে নৈ, নিজৰা , খাল, বিল আদি । শুকাবলৈ ধৰাত খাল,বিলত শোণিতপুৰৰ লোক্ৰা অঞ্চলত এতিয়া মাছ ধৰাত ব্যস্ত অঞ্চলবাসী ৰাইজ । ৰাইজে সমৱেত হৈ লাহনী, জাল, প’ল’ , জাকৈ ,খালৈ লৈ লোক্ৰাৰ লৱৰঘাৰীত যুৱকসকলে পছন্দৰ মাছ ধৰি আনন্দত মছগুল হৈ পৰা পৰিলক্ষিত হৈছে ।
মাছ ধৰাত ব্যস্ত পংকজ বৰা আৰু কল্যাণ গগৈ নামৰ যুৱক দুজনে জনোৱা অনুসৰি এনেদৰে ধৰা মাছবোৰ তেওঁলোকে চুবুৰীয়াৰ সৈতে বিলাই খোৱাৰ পৰিকল্পনা কৰিছে ।