নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ খনামুখত বহুভাষিক কবিতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : শোণিতপুৰত বালিপৰাৰ খনামুখত আজি লাচিত দিৱসৰ লগত সংগতি ৰাখি খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত এখন বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। সমাজকৰ্মী কমিচন মিলিৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত উদ্দেশ্যে ব্যাখ্যা কৰে খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাহিত্যিক বিষ্ণু শাস্ত্ৰীয়ে। অনুষ্ঠানটোৰ আৰম্ভণীতে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিৰ হয়। অনুষ্ঠানটোত ক্ৰমে বিশিষ্ট কবি ছত্ৰমান চুব্বা, বিশিষ্ট কবি গজেন মিলি, কবি ৰঞ্জিৎ চহৰীয়া, বালিপৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক, কবি, যুৱ নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰা, সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰপ্ৰাপ্ত কবি, নিৱন্ধকাৰ অঞ্জন বাচকোটা, কবি সাগৰ সাপকোটাৰ লগতে ভালেমান কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে। অনুষ্ঠানত শিক্ষক ভূবন ছেত্ৰী, সমাজসেৱক অনিল গৌতমৰ লগতে বিদ্যালয়খনৰ শিক্ষাগুৰু, শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like