নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত অত্যাধুনিক নুগাবেষ্ট থেৰাপী কেন্দ্ৰ মুকলি

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ মানৱ জীৱনত বৰ্তমানে স্বাস্থ্যই প্ৰধান সম্পদ।সেয়ে স্বাস্থ্যক সদায়ে সুষ্ঠ আৰু সবল কৰি ৰাখিবলৈ সাম্প্ৰতিক কালত মানুহে বিভিন্ন উপায় অৱলম্বন কৰিছে যদিও সম্প্ৰতি মানৱ জীৱনে পৰিত্ৰাণ পোৱা নাই।সেয়ে এই সকলোবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তে নিজকে সৰ্ব্বদা সুষ্ঠ-সৱল কৰি ৰাখিবলৈ কোনো চিকিৎসা শাস্ত্ৰৰ সহায় নোহোৱাকৈ সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে মানুহ সুষ্ঠ-সৱল হৈ থাকিব পাৰে বুলি নুগাবেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া তথা দক্ষিণ কোৰিয়াৰ য়ং হি জুঙে মন্তব্য কৰে। ডিব্ৰুগড়ৰ মিলন নগৰৰ ‘পি’ গলিত আজি শৰীৰ আৰু মনৰ উৎকৃষ্ট পুষ্টিবদ্ধ থেৰাপী নুগাবেষ্টৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত হয় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে এই চিকিৎসা পদ্ধতিৰ দ্বাৰা কেনেকৈ উপকৃত হব পাৰি তাক সকলোকে বিস্তৃতভাবে বুজাই কয়।আনহাতেদি উত্তৰ পূৱ মণ্ডলৰ পৰিচালন সঞ্চালক ৰাজীৱ দাহিয়াই তেওঁৰ ভাষণত মন্তব্য কৰে যে প্ৰতিগৰাকী নাগৰিকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু সজাগ হোৱা উচিত।কোনো বেমাৰ হলেহে আমি চিকিৎসকৰ কাষ চাপোঁ।সেয়ে চিকিৎসক বা চিকিসালয়লৈ নোযোৱাকৈ থকাৰ প্ৰয়োজনীয় ব্যৱস্থা এই নুগাবেষ্টৰ জৰিয়তে পাব পাৰি বুলিও উল্লেখ কৰে।এই নুগাবেষ্ট থেৰাপীৰ জৰিয়তে খাদ্য অভ্যাসৰ লগতে জীৱন-যাপনৰ বিভিন্ন সমস্যাৰ উপৰিও নিসংগতাৰ পৰা উদ্ভৱ হ’ব পৰা সমস্যাৰৰ উপৰিও মধুমেহ, থাইৰয়ড, ৰক্তচাপ, কুষ্ঠকাঠিন্যকে আদি কৰি শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগ নুগাবেষ্ট থেৰাপিৰ জৰিয়তে অতি অত্যাধুনিক পদ্ধতিৰে চিকিৎসা প্ৰদান কৰা হ’য়৷ শৰীৰ আৰু মন সদায় সুস্থ আৰু নিৰোগী কৰি ৰখাৰ বাবে প্ৰতিগৰাকী লোককে নুগাবেষ্ট থেৰাপিৰ ব্যৱহাৰৰ জৰিয়তে সুস্বাস্থ্যৰ অধিকাৰী হবৰ বাবে মিলন নগৰ ‘পি’ গলিত এইচ এন পি কেয়াৰ চেণ্টাৰ মুকলি কৰা হৈছে৷অনুষ্ঠানত নুগাবেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিদেশ ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ য়ং হি জুং,উত্তৰ-পূব মণ্ডলৰ পৰিচালন সঞ্চালক ৰাজীৱ দাহিয়া, অসম খণ্ডৰ নুগাবেষ্টৰ প্ৰতিষ্ঠাপক ধনজিত নাথ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ এল ডুংগেল, অৱসৰপ্ৰাপ্ত অধ্যাপক কামিনীৰঞ্জন বৰুৱা, অভিযন্তা ভাস্কৰ বৰুৱা, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ কেশৱানন্দ হালৈৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি চিকিৎসা পদ্ধতি সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে৷অসম খণ্ডৰ নুগাবেষ্টৰ প্ৰতিষ্ঠাপক ধনজিত নাথে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে সম্প্ৰতি সমগ্ৰ বিশ্বৰ ১২০ খন মহাদেশত এই নুগাবেষ্ট থেৰাপী আছে আৰু ক্ৰমে প্ৰসিদ্ধ হৈ পৰিছে।কোনো পাৰ্শ্বক্ৰিয়া নথকা বুলিও দাবী কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই থেৰাপীৰে বহু উপকৃত হোৱা বুলি মত প্ৰকাশ কৰে।অসম মেডিকেল কলেজৰ প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ৰীতা নাথ বৰাৰ সঞ্চালনাত স্থাপিত হোৱা নুগা বেষ্ট থেৰাপিৰ মুকলি অনুষ্ঠানত পৰিচালন সঞ্চালিকা ডাঃ নাথে কয় যে যোৱা ২০১৯ চনৰ শেষৰ ফালে গুৱাহাটীত নুগাবেষ্টৰ চেন্টাৰ গঢ়ি উঠিছিল,যদিও বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি আজি ডিব্ৰুগড়তো এনে এটা জনকল্যানমুখী অনুষ্ঠান গঢ় দিব পৰা হল।এই,থেৰাপীৰ দ্বাৰা মানুহে কোনো ঔষধ সেৱন নকৰাকৈ বহু ৰোগৰ পৰা উপশম পাব পাৰে।সেয়ে জীৱনৰ দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে এই নুগাবেষ্ট থেৰাপী লোৱা প্ৰয়োজন।অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰুণুমা শৰ্মা, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতী, ডিব্ৰুগড় সাহিত্য সভাৰ উপ -সভাপতি বিভাস দুৱৰা,অসম মেডিকেল কলেজৰ বিশিষ্ট চিকিৎসক ডাঃ সুৰেশ বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে নুগাবেষ্ট সম্পৰ্কে বহুমূলীয়া বক্তব্য প্ৰদান কৰে৷

প্ৰেৰক বিভাস দুৱৰা

You might also like