নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে চলিছে বালিপৰাৰ বিদ্যালয়সমূহ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত বন্ধ হৈ পৰা বিদ্যালয়সমূহ পুনৰ ক’ভিড প্ৰকটল মানি খুলি দিয়া হৈছে যদিও বিদ্যালয়সমূহত সীমিতসংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিহে পৰিলক্ষিত হৈছে। বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনষ্ঠ বিদ্যালয়সমূহতো অনুৰূপ দৃশ্য দেখা গৈছে। শিক্ষাখণ্ডটোৰ অধীনৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, মজলীয়া, উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰীসকল নিয়মিতভাৱে উপস্থিত হৈ থকাৰ পিছতো শ্ৰেণীকোঠাসমূহত এতিয়াও সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীহে উপস্থিত হৈ পাঠদান গ্ৰহণ কৰি আছে। ফলত শিক্ষাদান প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হৈছে । শিক্ষকে শৈক্ষিক দিনপঞ্জী অনুযায়ী সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত পাঠ আগবঢ়োৱাত তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে ইতিমধ্যে ক’ভিডৰ টিকা গ্ৰহণ কৰিছে যদিও স্বাস্থ্য বিভাগে অঞ্চলটোৰ বিদ্যালয়ৰ শিক্ষাৰ্থীক এইপৰ্যন্ত ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । ফলত অভিভাৱকৰ মনত এক আশংকাই দেখা দিছে । ইয়াৰ বাবে একাংশ অভিভাৱকে এতিয়াও নিজৰ শিশুক বিদ্যালয়লৈ প্ৰেৰণ কৰাত অপাৰগতা প্ৰদৰ্শন কৰাতো গুৰুতৰ কাৰণ বুলি বিবেচিত হৈছে ।

You might also like