চলচ্চিত্ৰ পৰিচালক তথা অসম জাতীয় পৰিষদৰ বাণী দাসৰ নিৰ্বাচনী ইছ্যু দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা অসম জাতীয় পৰিষদৰ মৰিগাঁও সমষ্টিৰ প্ৰাৰ্থী চলচিত্ৰ পৰিচালক বাণী দাসৰ ৰিয়েল লাইফৰ অন্যতম নিৰ্বাচনী ইচ্ছু দুৰ্নীতি। আজি টিকট লাভৰ পিছতে সমৰ্থকে বাইক ৰেলিৰে দাসক আদৰি আনে সমষ্টিলৈ। বাণী দাসে কয়- মৰিগাঁও সমষ্টিবাসীয়ে কা বিৰোধী আন্দোলনত সবল ভূমিকা গ্ৰহণ কৰিছিল আৰু সেই প্ৰতিবাদী মানোভাৱেৰে এইবাৰ বিজেপিৰ জাতিবিৰোধী নীতিৰ বিৰুদ্ধে মৰিগাঁওবাসীয়ে মোক জয়যুক্ত কৰাব।
কালি অসম জাতীয় পৰিষদৰ পৰা মৰিগাঁও সমষ্টিৰ বাবে টিকট লাভ কৰাৰ পিছত আজি বিয়লি ভাগত এজেপিৰ প্ৰাৰ্থী বাণীকান্ত দাসে এই মন্তব্য কৰে মৰিগাঁৱত। আজি দলীয় টিকট লৈ সমৰ্থকৰ উৎসাহৰ মাজত মৰিগাঁৱত উপস্থিত হয় প্ৰাৰ্থীগৰাকী।
সমৰ্থকসকলে বিশাল বাইক ৰেলীৰে তেওঁক আদৰি আনে। আনহাতে দুৰ্নীতিৰ বিষয়ক লৈ নিৰ্মাণ কৰা ব্যৱসায়িকভাৱে সফল ছবিৰ প্ৰসংগ উত্থাপন কৰি এজেপি প্ৰাৰ্থী বাণী দাসে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজ কৰাৰ এক মানসিকতা আছে আৰু তেওঁৰ নিৰ্বাচনৰ অন্যতম ইছ্যু হ’ব দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰাম।