নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰৰ জনসাধাৰণে ইতিমধ্যে এলাগী কৰিছে প্রফুল্ল মহন্তক

বাইক ৰেলীৰে নির্বাচনী শংখনাদ বিজেপিৰ জিতু গোস্বামীৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ কামপুৰ ঐতিহ্যমণ্ডিত ৰত্নাৱলী থানত আশিস লৈ বঢ়মপুৰ সমষ্টিৰ বিজেপি, অগপ আৰু ইউ পি পি এল মিত্রজোঁটৰ প্রার্থী জিতু গোস্বামীয়ে আজি দুই শতাধিক যুৱক সমর্থনকাৰীৰে এক বিশাল বাইক ৰেলী উলিয়াই নির্বাচনী ৰণডংকা বজায়৷ তেওঁ বঢ়মপুৰ সমষ্টিৰ ৰাইজক প্রথমে স্বাস্থ্য ক্ষেত্রৰ উন্নতি সাধন, শিক্ষা আৰু নিবনুৱা সমস্যাকে ধৰি বাট–পথৰ উন্নতি সধাৰ প্রতিশ্রুতি দি কামপুৰৰ ৰত্নাৱলী থানত সাষ্টাংগে সেৱা আগবঢ়াই বাইক ৰেলীত অংশগ্রহণ কৰে৷ ৩৫টা বছৰে অসম গণ পৰিষদৰ দখলত থকা বঢ়মপুৰ সমষ্টিটো এইবাৰ ভাৰতীয় জনতা পার্টীৰ দখললৈ আহিব বুলি গোস্বামীয়ে আশা ব্যক্ত কৰে৷ সমষ্টিটোৰ ৰাইজে দ্রুত উন্নয়ন আৰু নিবনুৱা সমস্যা সমাধান বিচাৰি মিত্রজোঁটৰ প্রার্থী জিতু গোস্বামীক জয়ী কৰি দিছপুৰলৈ পঠিওৱাৰ বাবে অংগীকাৰ কৰিছে৷

বাইক ৰেলীৰে চাংচকী পঞ্চায়ত, কামপুৰ টাউন, নিজ কামপুৰ, তেঁতেলিসৰা, নামবৰ লালুং গাঁও, নিজ কঠীয়াতলী গাঁও পঞ্চায়তৰ গাঁওসমূহ পৰিভ্রমণ কৰি ভোটাৰক মোহিত কৰিবলৈ যত্ন কৰে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত জিতু গোস্বামীয়ে কয়– কংগ্রেছ দলৰ প্রার্থীজন কোনো ফেক্টৰ হ’ব নোৱাৰে আৰু বঢ়মপুৰ সমষ্টিত কোনোদিনেই কংগ্রেছ জয়ী হোৱা নাই আৰু নহ’ব৷ প্রফুল্ল কুমাৰ মহন্তৰ ক্ষেত্রত সোধা প্রশ্ণৰ উত্তৰত গোস্বামীয়ে কয়– মিত্রদলৰ টিকট বঞ্চিত হৈ যদি কোনো দল বা নির্দলীয় প্রার্থী হিচাপে অৱতীর্ণ হয় তেন্তে ভুল কৰা হ’ব৷ কিয়নো বঢ়মপুৰৰ ৰাইজে ইতিমধ্যে তেওঁক এলাগী কৰিছে৷ ৰেলীত অংশকাৰীসকলে জিতু গোস্বামী জিন্দাবাদ, বিজেপি জিন্দাবাদ, নৰেন্দ্র মোদী জিন্দাবাদ, সর্বানন্দ সোণোৱাল জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তোলে৷ সকলোৱে আকৌ এবাৰ বিজেপি চৰকাৰ বুলি গগণ ফলা চিঞৰ মাৰি বাইক সমদল কৰে৷ বিজেপিৰ ঢ়ৌ আৰু বঢ়মপুৰ সমষ্টিবাসীৰ মৰম– চেনেহ, আশীর্বাদত নির্বাচনী যুঁজত জয়ী হ’ব বুলি দৃঢ়তাৰে আশা প্রকাশ কৰিছে জিতু গোস্বামীয়ে৷

You might also like