৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল পদযাত্রা
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰহোলাতো ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি আজি পুৱাতে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰূপায়ণ কৰে বিশাল পদযাত্রা কাৰ্যসূচী। সেয়ে পুৱা গছ পুলি ৰূপন, প্ৰাৰ্থনা সভাৰ পিছতে ‘প্ৰভাত ফেৰী’ শীৰ্ষক কাৰ্যসূচী উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্তই। কাৰ্যসূচীটো আঁত ধৰে ছাত্র একতা সভাৰ সভাপতি তথা শিক্ষক দিগন্ত বৰাই। কেইবাশ ছাত্ৰ-ছাত্ৰী, এন চি চি, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনৰ পৰা বৰহোলা চহৰৰ চাৰিআলি, সাপ্তাহিক বজাৰহৈ পুনৰ পদযাত্ৰা কৰি বিদ্যালয়খনলৈ ঘূৰে আহে। সকলোৱে হাতে হাতে ত্ৰিৰংগা, বেনাৰ, ফেষ্টুন লৈ ‘বন্দে মাতৰম’, ‘বীৰ শ্বহীদ অমৰ হওক’, ‘ঘৰে ঘৰে জাতীয় পতাকা’, ‘ভাৰত মাতা কি জয়’ আদি শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। সামৰণিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি চমু ভাষণ প্ৰদান কৰে উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকাই।